NORTHEAST NOW (Assamese)

নাগৰিকত্ব সংশোধনী বিধেয়কৰ বিৰোধিতাৰে ৰাজ্যজুৰি অগপৰ গণ স্বাক্ষৰ অভিযান আৰম্ভ

May 12, 2018 2:08 pm · কল্পজ্যোতি শইকীয়া
Updated: May 12, 2018 2:42 pm

নাগৰিকত্ব সংশোধনী বিধেয়ক ২০১৬ৰ বিৰুদ্ধে কঠোৰ স্থিতি গ্ৰহণ কৰিছে সোণোৱাল চৰকাৰৰ অন্যতম মিত্ৰদল অসম গণ পৰিষদে। সেয়েহে এই বিতৰ্কিত বিধেয়কখনৰ ভয়াৱহতাৰ প্ৰতি লক্ষ্য ৰাখি অগপই আজিৰে পৰা আৰম্ভ কৰিছে ব্যাপক গণ স্বাক্ষৰ অভিযান।

মুখ্যতঃ নাগৰিকত্ব সংশোধনী বিধেয়ক ২০১৬ সম্পূৰ্ণৰূপে বাতিল কৰিবৰ বাবে বিশেষভাৱে তৎপৰতা অৱলম্বন কৰি অগপই ৰাজ্যৰ বিভিন্ন প্ৰান্তত অগপৰ কাৰ্যকৰ্তাসকলে এই বিতৰ্কিত বিধেয়কখনৰ বিৰোধীতাৰে প্ৰায় ৫০ লাখ গণস্বাক্ষৰ সংগ্ৰহ কৰাৰ লক্ষ্য নিৰ্ধাৰণ কৰিছে।

আজি গুৱাহাটীৰ দিঘলীপুখুৰীপাৰত অগপৰ মহানগৰ জিলা সমিতিয়ে এই স্বাক্ষৰ অভিযান আৰম্ভ কৰিছে।উল্লেখ্যযোগ্য যে পশ্চিম গুৱাহাটী সমষ্টিৰ বিধায়ক ৰমেন্দ্ৰ নাৰায়ণ কলিতাই আজি এই গণস্বাক্ষৰ অভিযানৰ আৰম্ভ কৰে। তাৎপৰ্যপূৰ্ণ কথা যে এয়ে যে কৃষক নেতা অখিল গগৈয়েও এই অভিযানত অংশ লৈ  স্বাক্ষৰ কৰে।

আনহাতে অসম গণ পৰিষদৰ ভাতৃ সংগঠন অসম যুৱ পৰিষদে এই অভিযানত অংশগ্ৰহণ কৰে। অসম যুব পৰিষদৰ ৰাজ্যিক সভাপতি সুনীল ডেকাই নৰ্থ ইষ্ট নাওক জানিবলৈ দিয়া মতে বৰ্তমানলৈকে দিঘলীপুখুৰীৰপাৰত বিদ্যালয়, মহাবিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰী, স্থানীয় ৰাইজ মিলি প্ৰায় ২০০০ লোকে স্বাক্ষৰ কৰাৰ লগতে তেওঁলোকে আজিৰ দিনটোত ১০ হাজাৰ স্বাক্ষৰ সংগ্ৰহ কৰাৰ লক্ষ্য বান্ধি লৈছে।

উল্লেখযোগ্য যে যেতিয়ালৈকে ৫০,০০০০০ সাক্ষৰ সংগ্ৰহ নহয়, তেতিয়ালৈকে এই স্বাক্ষৰ অভিযান চলি থাকিব বুলি সদৰী কৰিছে অগপৰ এটা শীৰ্ষ সূত্ৰই। আনহাতে গুৱাহাটীৰ দীঘলীপুখুৰীৰপাৰৰ লগতে চান্দমাৰি, পানবজাৰ আৰু দিছপুৰতো এই গণ স্বাক্ষৰ অনুষ্ঠিত কৰা হৈছে। জানিব পৰা মতে আজিৰে পৰা ৩০ মে’ পৰ্যন্ত ৰাজ্যজুৰি গণ স্বাক্ষৰ অভিযান কাৰ্যসূচী গ্ৰহণ কৰিছে অগপই।

নাগৰিকত্ব সংশোধনী বিধেয়ক অতি শীঘ্ৰে বাতিল কৰাৰ দাবীত অসম গণ পৰিষদে শুকুৰবাৰে সন্ধিয়া গুৱাহাটীত জোঁৰ সমদল কৰি প্ৰতিবাদ সাব্যস্ত কৰাৰ পাছত আজিৰ এই স্বাক্ষৰ সংগ্ৰহ কাৰ্যসূচী স্বাভাৱিকতে যথেষ্ট তাৎপৰ্যপূৰ্ণ।

Related News