NORTHEAST NOW (Assamese)
অসম

বিশ্বনাথত বিধায়ক প্ৰমোদ বৰঠাকুৰে মুকলি কৰিলে বেংক অৱ ইণ্ডিয়াৰ নতুন শাখা

Posted by: কাজি জেইদুল ইছলাম May 12, 2018 1:54 pm
IMG-20180512-WA0011-01

নৰেন্দ্ৰ মোদীৰ নেতৃত্বৰ এনডিএ চৰকাৰে নগদ বিহীন ডিজিটেল লেনদেনৰ বাবে নাগৰিকক উৎসাহিত কৰাৰ পৰিকল্পনা কৰাৰ সময়তে আজি বিশ্বনাথত শুভাৰম্ভ হ’ল বেংক অৱ ইণ্ডিয়া (Bank of India) ৰ নতুন শাখা ।

সদ্য ঘোষিত বিশ্বনাথ জিলাখনৰ বৃদ্ধি পোৱা জনসাধাৰনৰ প্ৰতি লক্ষ্য ৰাখিয়েই আজি বিশ্বনাথ সমষ্টিৰ বিধায়ক প্ৰমোদ বৰঠাকুৰে উদ্বোধন কৰে বেংক অৱ ইণ্ডিয়াৰ বিশ্বনাথৰ শাখাটি।

বিশ্বনাথ চাৰিআলিৰ হাটখোলাত স্থাপন হোৱা বেংকটোৰ নতুন শাখাৰ উদ্ধোধণী অনুষ্ঠানত বিশ্বনাথৰ বহু গণ্য মান্য ব্যক্তিৰ উপস্থিতিত স্থানীয় বিধায়কে উদ্বোধন কৰে।

উল্লেখ্য যে ভাৰতবৰ্ষৰ আটাইটকৈ পুৰণি বেংকটোৰ এই নতুন শাখাটোত আন চৰকাৰী বেংকৰ দৰেই সা সুবিধা উপলব্ধ হ’ব বুলি বেংক কৰ্তৃপক্ষই জনায়। বেংক কতৃপক্ষ আৰু বিধায়ক প্ৰমোদ বৰঠাকুৰে নতুনকৈ মুকলি কৰা বেংক অব ইণ্ডিয়াৰ শাখাটোত সমূহ বিশ্বনাথবাসীক নিজ নিজ একাউন্ট খোলাৰ বাবে অনুৰোধ কৰে।

ইয়াৰ উপৰি এই বেংক শাখাটোৱে বিশ্বনাথ অঞ্চলৰ অৰ্থনৈতিক ক্ষেত্ৰতো সবল ভূমিকা গ্ৰহণ কৰিব বুলি স্থানীয় ব্যৱসায়ী তথা সচেতন লোকে জানিবলৈ দিয়ে।