NORTHEAST NOW (Assamese)

নাগালেণ্ড নিৰ্বাচনৰ বাবে মক’ছুঙত ছাত্ৰ-ছাত্ৰীয়ে উলিয়ালে সমদল

February 22, 2018 11:04 am · ভদ্ৰ গগৈ
Updated: February 22, 2018 11:08 am
প্ৰতিনিধিত্বমূলক ছবি

বুধবাৰে নাগালেণ্ডৰ মক’ছুং চহৰত শ-শ ছাত্ৰ-ছাত্ৰীয়ে এটা সমদল উলিয়াই। সমদলটোৰ জৰিয়তে ছাত্ৰসকলে আগন্তুক বিধানসভা নিৰ্বাচন মুক্ত, নিকা, বিশ্বাসযোগ্য তথা দুৰ্নীতিমুক্ত ভাবে সম্পন্ন হোৱাত সহায় কৰিবলৈ সকলোকে আহ্বান জনায়। জিলা প্ৰশাসনে ছাত্ৰসকলক নিৰ্বাচনত প্ৰত্যক্ষভাবে জৰিত হ’বলৈ অনুৰোধ কৰাৰ পিছতে কালি ছাত্ৰসকলে এইদৰে প্ৰতিবাদী সমদল উলিওৱা দেখা যায়।

মক’ছুং জিলাৰ পদ্ধতিগত ভোটাৰৰ শিক্ষা আৰু নিৰ্বাচনী অংশগ্ৰহণৰ আইকন আয়ুছুংলা জমীৰে ছাত্ৰ-ছাত্ৰীসকলক নিজৰ নিৰ্বাচনী গণতান্ত্ৰিক ভোটৰ অধিকাৰৰ বিষয়ে জানি লৈ শান্তি আৰু হিংসা মুক্ত নাগালেণ্ড নিৰ্বাচন অনুষ্ঠিত কৰাত জৰিত হ’বলৈ আহ্বান জনায়।

ইয়াৰ উপৰি নিৰ্বাচনী অধিকাৰ সমূহ উপেক্ষা হৈ অহা বুলিও তেওঁ ক্ষেদ প্ৰকাশ কৰে।

উল্লেখ্য যে কালি ছাত্ৰ-ছাত্ৰীসকলে উলিওৱা সমদলটোত ফজল আলি মহাবিদ্যালয় আৰু পিপল’ছ কলেজৰ ছাত্ৰ-ছাত্ৰীয়ে সক্ৰিয়তাৰে অংশগ্ৰহণ কৰাৰ লগতে আন চাৰিখন মহাবিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীয়েও ভাগ লোৱা বুলি জানিব পোৱা গৈছে।

অনুষ্ঠানটোত উপস্থিত থকা মক’ছুঙৰ ইএচি লুছুই ফিথুয়ে সমদলটোৰ উদ্দেশ্যৰ বিষয়ে মত প্ৰকাশ কৰাৰ লগতে এনেধৰণৰ উল্লেখনীয় পদক্ষেপ গ্ৰহণ কৰা বাবে ছাত্ৰ সমাজক ধন্যবাদ জনায়।

ইমকংমেৰেন ক্ৰীড়া প্ৰকল্পৰ পৰা আৰম্ভ হোৱা সমদলটোৰ সফল সামৰণি পৰে চহৰখনৰ মাজ মজিয়াত অৱস্থিত মুখ্য আৰক্ষী পইণ্টত।

সমদলটোত অংশগ্ৰহণকাৰী ছাত্ৰ-ছাত্ৰীসকলে ৰাজপথত বিভিন্ন শ্লোগান দিয়াৰ লগতে হাতে হাতে পোষ্টাৰ, প্লে কাৰ্ড আদি লৈ নিৰ্বাচনৰ বাবে জনসাধাৰণক সজাগ কৰা দেখা গৈছিল।

স্মৰ্তব্য যে ৰাজ্যখনত অহা ২৭ ফেব্ৰুৱাৰিৰ দিনা নিৰ্বাচন অনুষ্ঠিত হ’ব আৰু মাৰ্চৰ ৩ তাৰিখে ইয়াৰ ভোটগণনা তথা ফলাফল ঘোষণা কৰা হ’ব।

Related News