NORTHEAST NOW (Assamese)
নাগালেণ্ড

‘নিয়া’ই ২ দিনৰ বাবে জিম্মাত লোৱা নাগালেণ্ড চৰকাৰৰ বিষয়া ৩জনৰ আজি অন্ত পৰিল জিম্মাৰ ম্যাদ

Posted by: এন ই নাও নিউজ March 27, 2018 5:42 pm
NIA-678x381

উল্লেখযোগ্য যে বিদ্ৰোহী গোটক চৰকাৰী বিভাগৰ পৰা বৃহৎ পৰিমাণৰ চান্দা দিয়াৰ অভিযোগত বিষয়াকেইজনক যোৱা ২৫ মাৰ্চত নিয়াই গ্ৰেপ্তাৰ কৰিছিল। অভিযোগ মতে এই চৰকাৰী বিষয়াকেইজনে ২০১২ চনৰ পৰা ২০১৬ চনৰ ভিতৰত ডিমাপুৰ আৰু ক’হিমা অঞ্চলত এন এছ চি এন (কে),এন এছ চি এন (আৰ), এফ জি এন, এন এন চিকে ধৰি অন্যান্য বিদ্ৰোহী সংগঠনক চৰকাৰী পুঁজিৰ অংশ চান কাঢ়ি বৰঙনি হিচাপে আগ বঢ়াইছিল।

যোৱা ২৫ মাৰ্চত গ্ৰেপ্তাৰ কৰাৰ পিছত তেওঁলোকক যোৱা ২৬ তাৰিখে ডিমাপুৰত থকা নিয়াৰ আদালতত হাজিৰ কৰোৱা হৈছিল আৰু আদালতে তেওঁলোকক দুদিনৰ বাবে নিয়াৰ জিম্মাত দিছিল।

গ্ৰেপ্তাৰ হোৱা বিষয়াকেইজন হ’ল ক্ৰমে ক’হিমাস্থিত কৃষি সঞ্চালকালয়ৰ সঞ্চালক জি ইকুটো ঝিমমি, ক’হিমাস্থিত গ্ৰাম্য উন্নয়ন সঞ্চালকালয়ৰ কাৰ্য্যবাহী অভিযন্তা কেতৌজো পেছেই আৰু ক’হিমাৰে নগৰ উন্নয়ন সঞ্চালকালয়ৰ মাণ্ডলিক হিচাপৰক্ষণ বিষয়া চাংটেমচুবা।

নিয়াৰ মতে এই বিষয়াকেইজনে তেওঁলোকৰ চৰকাৰী ক্ষমতাৰ অপব্যৱহাৰ কৰি বিদ্ৰোহী গোটবোৰক যথেষ্ট পৰিমাণৰ ধন চৰকাৰী পুঁজিৰ পৰা বৰঙনিৰ হিচাপত যোগান ধৰিছিল, যিটো বে-আইনী কাৰ্য্য বুলি গণ্য কৰিব পাৰি।

নিয়াৰ জেৰাত বিষয়াকেইজনে কি স্বীকাৰোক্তি দিছে সেয়া জানিব পৰা হোৱা নাই।