NORTHEAST NOW (Assamese)
Popular Stories

ব’হাগ বিহুৰ আগ মুহূৰ্তত অসমৰ বাবে সুখবৰ : জেট এয়েৰৱে’জৰ বিমানত থাকিব লাড়ু, পিঠা

Posted by: এন ই নাও নিউজ March 27, 2018 4:32 pm
bihu-assam-traditional-foods

ব’হাগ বিহুৰ প্ৰাকমুহূৰ্তত অসমৰ বাবে সুখবৰ। গুৱাহাটীৰ পৰা চলা জেট এয়েৰৱে’জৰ সকলো বিমানতে নিজা খাদ্য তালিকাত শীঘ্ৰে লাড়ু, পিঠাৰ দৰে অসমীয়া খাদ্যৰ সংযোজন কৰিব কোম্পানিটোৱে।

বিহুৰ উদ্দীপনা সংযোজিত কৰা আৰু অসমৰ লগতে আন ঠাইৰ লোকসকলক অসমৰ প্ৰধান উৎসৱটোৰ এক সোৱাদ দিয়াৰ বাবে এই সিদ্ধান্ত লোৱা হৈছে বুলি জানিব পৰা হৈছে।

অৱশ্যে নিৰ্দিষ্টকৈ কোন তাৰিখৰ পৰা এই খাদ্যসমূহ উপলব্ধ হ’ব সেয়া এতিয়াও নিশ্চিত হোৱা নাই।

অসমৰ বিহুৰ বিশেষ জলপানসমূহ এইদৰে অধিক মানুহৰ মাজলৈ যোৱাটো নিশ্চয়কৈ এক গৌৰৱৰ কথা বুলি কথাটো গম পোৱা দুই চাৰি অসমীয়াই মত প্ৰকাশ কৰিছে।