NORTHEAST NOW (Assamese)
উত্তৰ-পূব

নিৰাপত্তা পৰিস্থিতিৰ বুজ ল’বলৈ মেঘালয় সীমান্তত উপস্থিত বি এছ এফৰ অতিৰিক্ত সঞ্চালক প্ৰধান

Posted by: এন ই নাও নিউজ May 29, 2018 9:28 pm
DSC_0084

সীমা সুৰক্ষা বাহিনীৰ (বি এছ এফ) অতিৰিক্ত সঞ্চালক প্ৰধান নাছিৰ কমল মেঘালয় সীমান্তত উপস্থিত হৈ নিৰাপত্তা পৰিস্থিতিৰ খুঁটি-নাটিৰ বুজ লয়। প্ৰধান কাৰ্যালয়ৰ (ইষ্টাৰ্ন কমাণ্ড)কলকাতাৰো বিশেষ সঞ্চালক প্ৰধানৰ দায়িত্বত থকা নাছিৰ কমলে মেঘালয় সীমান্তত থকা বি এছ এফৰ প্ৰধান কাৰ্যালয়ত দেওবাৰৰ পৰা মঙলবাৰলৈকে উপস্থিত থাকে।

মেঘালয়ৰ সীমান্ত খাছী পাহাৰত থকা সীমান্ত এলেকা পৰদৰ্শন কৰাৰ সময়চোৱাত অতিৰিক্ত সঞ্চালক প্ৰধানগৰাকীক সংগ দিছিল সীমান্ত সুৰক্ষা বাহিনীৰ মেঘালয় সীমান্তৰ মহাপৰিদৰ্শক ললাটেন্দু মহান্তিয়ে।

সোমবাৰে অতিৰিক্ত সঞ্চালক প্ৰধানগৰাকীয়ে শ্বিলঙত থকা মাওপাত বি এছ এফ শিবিৰ আৰু উমপ্লিং বি এছ এফ শিবিৰত থকা দক্ষতা বিকাশ কেন্দ্ৰ উন্মোচন কৰে। তাত তেওঁ বি এছ এফৰ বিষয়াসকলৰ সৈতে মত বিনিময় কৰি অভিযানৰ সময়ৰ ‘ব্ৰিফিং’ প্ৰদান কৰাৰ উপৰিও জোৱানসকলৰ সৈতে বাৰ্তালাপ কৰাৰ উপৰিও এখন সৈনিক সন্মীলনত ভাগ লয়।

তাৰ পাছত তেওঁ পূব খাছী পাহাৰৰ হাট থিমাই আৰু ভোলাগঞ্জত থকা এটা সীমান্ত তালাচী চকী পৰিদৰ্শন কৰি তাত মোতায়েন সৈন্যসকলৰ সৈতেও মত বিনিময় কৰে আৰু মেঘালয় সীমান্তৰ নিৰাপত্তা ব্যৱস্থাটোৰ বুজ লয়। বাংলাদেশ সীমান্ত ৰক্ষী (BGB) বাহিনীৰ সেনাসকলৰ সৈতে বাৰ্তালাপ কৰি সু-সম্পৰ্কৰ চিনস্বৰূপে তেওঁলোকৰ মাজত মিঠাই বিতৰণ কৰে।

মঙলবাৰে বি এফ এফৰ লোকসকলক পৃথিৱী মাতৃৰ প্ৰতি কিবা এটা কৰাৰ প্ৰেৰণাৰে উদ্বুদ্ধ কৰাৰ উদ্দেশ্যৰে এটা বৃক্ষ ৰোপণ কাৰ্যসূচীও গ্ৰহণ কৰা হয়।এই বিশেষ অভিযানত মেঘালয়ৰ অন্তৰ্গত প্ৰতিটো সীমান্ত তালাচী চকী আৰু বি এছ এফ মোতায়েন হৈ থকা স্থানসমূহত প্ৰায় ১৫,০০০ টা বিভিন্ন জাতৰ গছপুলি ৰোপণ কৰে মেঘালয়ৰ বি এছ এফৰ সৈন্য, বিষয়াবৰ্গ আৰু তেওঁলোকৰ পৰিয়ালবৰ্গই।

এটা সুন্দৰ পৰিৱেশ সৃষ্টি কৰাৰ বাবে বি এছ এফ মোতায়েন হৈ থকা হৈ থকা ভাৰতৰ সকলো স্থানতেই গছপুলি ৰোপণ কৰি প্ৰতিটো চৌহদ সেউজীয়াতকৈ ৰখাৰ পৰিকল্পনা কৰে বাহিনীটোৱে।