NORTHEAST NOW (Assamese)
অসম

পঞ্চায়ত নিৰ্বাচনৰ বাবে সাজু হ’বলৈ দলৰ কৰ্মীসকলৰ প্ৰতি আহ্বান মুখ্য মন্ত্ৰী সোণোৱালৰ

Posted by: এন ই নাও নিউজ March 4, 2018 10:31 pm
মুখ্য মন্ত্ৰী

ৰাজ্যত হ’বলগীয়া আগন্তুক পঞ্চায়ত নিৰ্বাচনৰ বাবে সাজু হ’বলৈ মুখ্য মন্ত্ৰী সৰ্বানন্দ সোণোৱালে দলৰ কৰ্মীসকলৰ প্ৰতি আহ্বান জনায়।

আজি যোৰহাটৰ গড়মুৰৰ কুল দত্ত সোঁৱৰণি মঞ্চত অনুষ্ঠিত ভাৰতীয় জনতা যুৱ মৰ্চাৰ অধিবেশন সম্বোধন কৰি মুখ্য মন্ত্ৰীয়ে কয় যে গাওঁ অঞ্চলত স্বাস্থ্য আৰু শিক্ষাখণ্ডত বিজেপিয়ে কংগ্ৰেছতকৈ বহুত বেছি কাম কৰিছে। অৱশ্যে জনসাধাৰণক চৰকাৰি আঁচনি সমূহৰ বিষয়ে সজাগ কৰি তুলিব লাগিব তেওঁ লগতে উল্লেখ কৰে।

ইয়াৰ উপৰি তেওঁ কৰ্মীসকলক কেবল তৃণমূল পৰ্যায়ত কাম কৰাই নহয় বৰঞ্চ ৰাইজৰ মাজলৈ গৈ আঁচনি সমূহৰ ৰুপায়ণ সম্পৰ্কত যদি তেওঁলোকৰ কিবা আপত্তি আছে তাৰো বুজ লবলৈ আহ্বান জনায়।

আনহাতে দুৰ্নীতিৰ ক্ষেত্ৰত বিজেপি শূন্য সহনশিলতা প্ৰদৰ্শন কৰে বুলি মন্তব্য কৰি সোণোৱালে কয় যে মোদী মডেল আৰু মূল্যবোধৰ ৰাজনীতিৰ বাবেই দলটোৱে দেশজুৰি সাফল্য লাভ কৰাৰ লগতে উত্তৰ-পূবত খোপনি পুতিবলৈ সক্ষম হৈছে।

তেওঁ কয়, ‘উত্তৰ-পূৰ্বাঞ্চল বিজেপিৰ বাবে যথেষ্ট গুৰুত্বপুৰ্ণ, অঞ্চলটোৰ ৩ খন ৰাজ্যৰ সদ্য-সমাপ্ত নিৰ্বাচনত ৰাইজে দেখুৱা অভূতপুৰ্ব জনাদেশে বিজেপিৰ প্ৰতি থকা তেওঁলোকৰ আস্থাক প্ৰমাণ কৰে।’