NORTHEAST NOW (Assamese)
অসম

পুঁজিৰ নাটনিয়ে ডিমা হাছাও স্বায়ত্তশাসিত পৰিষদৰ কৰ্মচাৰীক জীয়াতু ভুগাইছে

November 25, 2017 8:20 am
পুঁজিৰ নাটনিয়ে ডিমা হাছাও স্বায়ত্তশাসিত পৰিষদৰ কৰ্মচাৰীক জীয়াতু ভুগাইছে

পুঁজিৰ নাটনিয়ে ডিমা হাছাও স্বায়ত্তশাসিত পৰিষদত এতিয়া জীয়াতু ভোগাইছে ইয়াৰ কৰ্মচাৰীক। যোৱা এঘাৰ মাহ ধৰি পৰিষদখনে ইয়াৰ কৰ্মচাৰীৰ দৰমহা দিব পৰা নাই। এই জটিল পৰিস্থিতিত পৰা কৰ্মচাৰীসকলৰ অৱস্থা এতিয়া এনে পৰ্য্যায় পাইছেগৈ যে যোৱা এপ্ৰিল মাহত এজন কৰ্মচাৰীয়ে আত্মহত্যাও কৰিব লগীয়া হয়। কৰ্মচাৰীসকলে তেওঁলোকৰ পৰিয়াল পোহপাল দিয়াত ইমানেই অসুবিধাৰ সন্মুখীন হৈছে যে বহুতৰ বাহিৰত পঢ়িবলৈ যোৱা সন্তান অভিভাৱকৰ পৰা ধনৰ যোগান নোপোৱা বাবেই ঘৰলৈ ঘূৰি আহিব লগীয়া পৰিস্থিতি হৈছে। এই অচলাৱস্থাত অতিষ্ঠ হৈ যোৱা ২২ নৱেম্বৰত ডিমা হাছাও স্বায়ত্তশাসিত পৰিষদৰ জিলাৰ অতিৰিক্ত প্ৰাথমিক শিক্ষা বিষয়া প্ৰসন্ন হাচনুৱে তেওঁৰ পদত্যাগ পত্ৰ দাখিল কৰে। হাচনু পৰিষদৰ কৰ্মচাৰী সংস্থাৰ সভাপতি আছিল।