NORTHEAST NOW (Assamese)

পুৱতিনিশা অনিল নগৰত চোৰে চলালে লুটপাত

January 2, 2018 11:15 am · এন ই নাও নিউজ
Updated: January 2, 2018 11:27 am

মহানগৰীত বিভিন্ন সময়ত চোৰে লুটপাত চলোৱাৰ বাতৰি প্ৰকাশ পাই থকাৰ সময়তে পুনৰ অনিলনগৰত চোৰে লুটপাত কৰাৰ ঘটনা পোহৰলৈ আহিছে। মহানগৰীৰ অনিলনগৰৰ নিবাসী অনিল কুমাৰ নায়ক নামৰ লোকজনৰ ঘৰত পুৱতি নিশা চোৰে প্ৰবেশ কৰি বহু পৰিমাণৰ নগদ ধন আৰু গহণা চুৰ কৰি লৈ যায়। জানিব পৰা মতে অনিলনগৰৰ ২নং উপপথৰ ৮ নম্বৰ ঘৰত এই ঘটনা সংঘটিত হৈছে।

গৃহস্থ গভীৰ নিদ্ৰাত মগ্ন হৈ থকাৰ সুযোগ লৈ চোৰে খিৰিকীৰ ৰদ ভাঙি প্ৰৱেশ কৰা বুলি ঘৰৰ গৃহস্থই জানিবলৈ দিয়ে। মহানগৰীৰ বিভিন্ন প্ৰান্তত মহানগৰ আৰক্ষীয়ে নৱবৰ্ষ তথা আগন্তুক গণতন্ত্ৰ দিৱস উপলক্ষে কটকটীয়া নিৰাপত্তা বেষ্টনী গঢ়ি তোলাৰ সময়তে আৰক্ষীৰ চকুত ধুলি দি চোৰে চুৰিকাৰ্য্য চলাই নিয়া ঘটনাই বিশেষ তাৎপৰ্য্য বহন কৰিছে।

উল্লেখযোগ্য যে কিছুদুন পূৰ্বে মহানগৰীৰ গণেশগুৰিৰ ভবানী ভোজনালয়ৰ সমীপত এটা চোৰে মোবাইল চুৰ কৰি আনি নলাত প্ৰবেশ কৰিছিল। প্ৰায় ২-৩ ঘন্টা প্ৰচেষ্টাৰ অন্ততহে চোৰটোক নলাৰ পৰা উদ্ধাৰ কৰিবলৈ সক্ষম হৈছিল । তাৰ পিছতে পুনৰ মহানগৰীত চোৰে তাণ্ডৱ চলোৱাটো পৰিলক্ষিত হয়। এই চুৰি ঘটনা পোহৰলৈ অহাৰ পিছত ঘৰৰ গৃহস্থই আৰক্ষীক অবগত কৰাত ঘটনাস্থলীত আৰক্ষী উপস্থিত হৈ  পৰ্যবৈক্ষণ কৰে। আৰক্ষী সুত্ৰই প্ৰকাশ কৰা অনুসৰি বৰ্তমান  তদন্ত প্ৰক্ৰিয়া চলাই আছে যদিও চোৰৰ কোনো সুং-সুত্ৰ উলিয়াব পৰা নাই।

Related News