NORTHEAST NOW (Assamese)

কাজিৰঙাৰ কহঁৰা বনাঞ্চলৰ বোকাত আবদ্ধ গঁড়জনীৰ মৃত্যু

March 2, 2018 12:52 pm · উত্তম শইকীয়া
Updated: March 2, 2018 12:54 pm
বোকাত আবদ্ধ বোৱা গঁড়জনী

কাজিৰঙাৰ কহঁৰা বনাঞ্চলৰ বুলনি বন শিবিৰৰ সমীপত আজি পুৱাৰে পৰা বোকাত আবদ্ধ হৈ থকা মাইকী গঁড়জনীয়ে অৱশেষত কৰুণ মৃত্যুক সাৱটি ল’লে।

ঘটনাস্থলীত উপস্থিত থকা বনকৰ্মীয়ে জনোৱা অনুসৰি গঁড়জনীয়ে বনাঞ্চলৰ অন্য কোনো জন্তুৰ সৈতে যুদ্ধত লিপ্ত হৈ আঘাতগ্ৰস্থ হৈছিল আৰু তাৰ পাছতে গঁড়জনী পানী খাবলৈ অহাত বোকাত আৱদ্ধ হৈ পৰে।

স্থানীয় ৰাইজে গঁড়টো বোকাত আবদ্ধ হৈ থকা দেখি বন বিভাগৰ লোকক খবৰ দিয়াত বন বিভাগৰ লোক ঘটনাস্থলীত উপস্থিত হৈ উদ্ধাৰ অভিযান আৰম্ভ কৰে৷ আনহাতে গঁড়জনীৰ স্বাস্থ্যৰ তদাৰক কৰিবলৈ চিকিৎসকৰ এটা দলো ঘটনাস্থলীত লগে লগে উপস্থিত হয়।

উল্লেখ্য যে গঁড়জনীৰ শৰীৰত আঘাতৰ চিন স্পষ্ট ৰূপত দেখা পোৱা গৈছে। ইতিমধ্যে চিকিৎসকৰ দলে গঁড়জনীক চিকিৎসা প্ৰদান কৰা বুলি আমালৈ খবৰ আহিছিল। ইয়াৰ উপৰি গঁড়জনীক বোকাৰ পৰা উদ্ধাৰ কৰিবলৈ বন বিভাগৰ লোকৰ লগতে জে চি বিৰে অভিযান আৰম্ভ কৰা বুলি জানিব পৰা গৈছিল।

কিন্তু জানিব পৰা মতে কঁহৰা বনাঞ্চলৰ সমীপত বোকাত আবদ্ধ গঁড়জনীক বন বিভাগৰ লোকে উদ্ধাৰ কৰিবলৈ সক্ষম নহ’ল আৰু অৱশেষত মৃত্যুক আকোৱালি লয়।

Related News