NORTHEAST NOW (Assamese)

পূবলৈ চোৱা নীতিয়ে উত্তৰ-পূবক বহু উপকৃত কৰিব : ৰাজ্যপাল পি বি আচাৰ্য

December 19, 2017 9:48 pm · এন ই নাও নিউজ

কেন্দ্ৰৰ পূবলৈ চোৱা নীতিয়ে উত্তৰ-পূৰ্বাঞ্চলৰ ৰাজ্য কেইখনক বহু উপকৃত কৰিব বুলি মন্তব্য কৰে নাগালেণ্ডৰ ৰাজ্যপাল পি বি আচাৰ্যই। মঙলবাৰে নাগালেণ্ডৰ লংলেং জিলাৰ অন্তৰ্গত আমেতচং আদৰ্শ গাঁও উদ্বোধন কৰি ৰাজ্যপাল গৰাকীয়ে কয় যে দেশৰ বাকী অংশৰ সৈতে সমানে আগবাঢ়ি যাবলৈ হ’লে নাগালেণ্ডে পূবলৈ চোৱা নীতিৰ সুবিধা সমূহ ল’ব পৰাকৈ সাজু থাকিব লাগিব। ৰাজ্যখনৰ যুৱ প্ৰজন্মক উদ্দেশ্যি ৰাজ্যপাল গৰাকীয়ে তেওঁলোকক স্ব-নিৰ্ভৰশীল হ’বলৈ আহ্বান জনাই কয় যে এই ক্ষেত্ৰত যুৱক-যুৱতী সকলে  দক্ষতা বিকাশৰ ডিগ্ৰী আৰু পাঠ্যক্ৰম গ্ৰহণ কৰিব লাগিব।

আনহাতে যোৱা সোমবাৰে ৰাজ্যপাল গৰাকীয়ে ডিমাপুৰ জিলাৰ অধীনত নিৰ্মাণ কৰা চেল’ফ আদৰ্শ গাঁওখন উদ্বোধন কৰিছিল। মন কৰিব লগীয়া যে সাংসদ আদৰ্শ গ্ৰাম যোজনা (SAGY)ৰ অধীনত চৰকাৰৰ বিভিন্ন উন্নয়নমূলক আঁচনি ৰূপায়ণৰ উদ্দেশ্যে চেল’ফ গাঁৱক লোকসভাৰ সাংসদ নেফিউ ৰিঅ’য়ে আদৰ্শ গাঁও হিচাপে নিৰ্বাচিত কৰিছিল। চেল’ফ হৈছে ৰিঅ’ৰ দ্বাৰা নিৰ্বাচিত দ্বিতীয়খন গাঁও, আনহাতে যোৱা বছৰ নিৰ্বাচন কৰা মন জিলাৰ অধীনত পৰা লংৱা হৈছে তেওঁৰ দ্বাৰা নিৰ্বাচিত প্ৰথমখন গাঁও। সোমবাৰে চেল’ফ গাঁৱত নতুনকৈ নিৰ্মাণ কৰি উলিওৱা এটা ভৱনত অনুষ্ঠিত উদ্বোধনী অনুষ্ঠানক উদ্দেশ্যি ৰাজ্যপাল গৰাকীয়ে প্ৰধান মন্ত্ৰী মোদীৰ উদ্ধৃতি দি কয়, ‘ভাৰত গাঁৱৰ ওপৰত নিৰ্ভৰশীল আৰু যেতিয়ালৈকে গাঁও সমূহৰ উন্নয়ন নহয়, ভাৰতৰো উন্নয়ন নহয়।’ এই উদ্দেশ্যে লৈ প্ৰধান মন্ত্ৰীয়ে ২০১৪ চনত সাংসদ আদৰ্শ গ্ৰাম যোজনা (SAGY)ৰ আৰম্ভ কৰিছিল বুলি আচাৰ্যই মন্তব্য কৰে। নেফিউ ৰিঅ’য়ে নাগালেণ্ডৰ দুখনকৈ জিলাক SAGY ৰ অধীনত  নিৰ্বাচন কৰা কাৰ্যক প্ৰশংসা কৰি ৰাজ্যপাল গৰাকীয়ে কয় যে যদিহে ৰাজ্যখনৰ দুজন সাংসদ আৰু বিধায়ক সকলে ৫ বছৰত ৫ খন জিলাক উক্ত আঁচনিৰ অধীনত নিৰ্বাচিত কৰে তেন্তে নাগালেণ্ডে ক্ষিপ্ৰতাৰে উন্নতিৰ পথত আগুৱাব পাৰিব।

Related News