NORTHEAST NOW (Assamese)

পৃথক কমতাপুৰ-জনজাতিকৰণৰ দাবীত পুনৰ উত্তাল নামনি অসমৰ বিভিন্ন অঞ্চল

July 20, 2018 9:16 am · এন ই নাও নিউজ
শিৱসাগৰৰ ৰাজপথত বন্ধ সমৰ্থকে টায়াৰ জ্বলোৱাৰ দৃশ্য

পৃথক কমতাপুৰ ৰাজ্য গঠন আৰু কোচ ৰাজবংশীসকলক জনজাতিকৰণ কৰাৰ দাবীত সদৌ অসম কোচ ৰাজবংশী ছাত্ৰ সন্থাই আজি ৰাতিপুৱা ৫ বজাৰ পৰা আহ্বান জনোৱা ২৪ ঘণ্টীয়া অসম বন্ধৰ ফলত নামনি অসমৰ বিভিন্ন স্থানত স্তব্ধ হৈ পৰিছে স্বাভাৱিক জনজীৱন।

গোৱালপাৰা জিলাৰ দুধনৈ, লেলা, দৰংগিৰি, ৰংজুলি আদি ঠাইত বন্ধৰ প্ৰভাৱ সৰ্বাত্মক হোৱা বুলি জানিব পৰা গৈছে। ৰাজপথত টায়াৰ জ্বলাই প্ৰতিবাদ সাব্যস্ত কৰিছে জিলাখনৰ বন্ধ সমৰ্থক সকলে। আক্ৰাছুই আহ্বান জনোৱা এই বন্ধত সম্পূৰ্ণৰূপে ব্যাহত হৈ পৰিছে যান–বাহনৰ চলাচল, স্কুল–কলেজৰ লগতে ব্যৱসায়িক প্ৰতিষ্ঠানসমূহ।

ইফালে কোকৰাঝাৰতো আক্ৰাছুৰ ২৪ ঘণ্টীয়া অসম বন্ধৰ সৰ্বাত্মক প্ৰভাৱ পৰা পৰলিক্ষিত হৈছে। বন্ধৰ ফলত শ্ৰীৰামপুৰত আবদ্ধ হৈ পৰিছে শ শ যাত্ৰীবাহী–মালবাহী গাড়ী। তাৰোপৰি ধুবুৰীৰ পাগলাহাটৰ লগতে বিভিন্ন অঞ্চলত বন্ধ সমৰ্থকে ৰাজপথত টায়াৰ জ্বলাই সাব্যস্ত কৰিছে প্ৰতিবাদ।

বাক্সা জিলাৰ তামুলপুৰ, গোৰেশ্বৰ, শালবাৰী আদি ঠাইতো আক্ৰাছুৰ অসম বন্ধৰ প্ৰভাৱ সৰ্বাত্মক ৰূপত দেখা গৈছে। তামুলপুৰৰ মটঙা চ’ক, গোৰেশ্বৰ আদি ঠাইত আক্ৰাছু সমৰ্থকে ৰাজপথত টায়াৰ জ্বলাই চৰকাৰৰ বিৰুদ্ধে বিভিন্ন শ্লোগান আওৰাই তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰে। এই বন্ধৰ বাবে বৃহত্তৰ অঞ্চলটোত সম্পূৰ্ণৰূপে স্তব্ধ হৈ পৰিছে যান–বাহনৰ চলাচল তথা দোকান–পোহাৰ।

নামনি অসমৰ বিপৰীতে আক্ৰাছু আৰু চিলাৰায় সেনাই আহ্বান জনোৱা অসম বন্ধৰ আংশিক প্ৰভাৱ পৰা পৰিলক্ষিত হৈছে শিৱসাগৰ জিলাত। জিলাখনৰ বন্ধ সমৰ্থকে ৰাতিপুৱাই চহৰৰ দ’লমুখ চাৰিআলি, ষ্টেশ্যন চাৰিআলি, মুক্তিনাথ চাৰিআলিৰ লগতে ৰংঘৰৰ সন্মুখত টায়াৰ জ্বলাই প্ৰতিবাদ সাব্যস্ত কৰে।

Related News