বিজেপি নেতৃত্বাধীন কেন্দ্ৰীয় আৰু ৰাজ্য চৰকাৰে কোচ ৰাজবংশীসকলক দিয়া প্ৰতিশ্ৰুতি বাৰে বাৰে ভংগ কৰি জনগোষ্ঠীটোৰ লগত প্ৰতাৰণা কৰাৰ অভিযোগ উত্থাপন কৰিছে সদৌ অসম কোচ ৰাজবংশী ছাত্ৰ সন্থা চমুকৈ আক্ৰাছুৱে।
আক্ৰাছুৱে চৰকাৰৰ এনে প্ৰতাৰণাৰ প্ৰতিবাদত অহা ৯ জুলাইত ২৪ ঘণ্টীয়া প্ৰস্তাৱিত কমতাপুৰ বন্ধৰ আহ্বান জনাইছে।
সংগঠনটোৰ পশ্চিম কোকৰাঝাৰ জিলা সমিতিৰ প্ৰচাৰ সম্পাদক উৎপল চন্দ্ৰ ৰায়ে বৃহস্পতিবাৰে এক প্ৰেছ বিজ্ঞপ্তিযোগে এই কথা ঘোষণা কৰিছে। তেওঁ লগতে চৰকাৰৰ এনে প্ৰতাৰণাৰ প্ৰতিবাদত আহ্বান কৰা বন্ধ সফল কৰিবলৈ জনগোষ্ঠীটোৰ লগতে সমূহ ৰাইজলৈ আহ্বান জনাইছে।
কেন্দ্ৰীয় আৰু ৰাজ্য চৰকাৰে কোচ-ৰাজবংশীসকলক জনজাতিকৰণ আৰু পৃথক কমতাপুৰ ৰাজ্য গঠনৰ ক্ষেত্ৰত চৰম প্ৰতাৰণা কৰাৰ প্ৰতিবাদত আক্ৰাছুৱে ধৰাবাহিকভাৱে এলানি আন্দোলনৰ কাৰ্যসূচী গ্ৰহণ কৰিছে। অহা ৯ জুলাইৰ পুৱা পাঁচ বজাৰ পৰা ২৪ ঘন্টীয়া অসম (প্ৰস্তাৱিত কমতাপুৰ) বন্ধও এই কাৰ্যসূচীৰে এক অংশ।
শেহতীয়াভাৱে বড়ো সমস্যাক লৈ এবছুকে ধৰি বড়ো নেতৃত্বৰে নতুন দিল্লীত ত্ৰিপাক্ষিক বৈঠক অনুষ্ঠিত হৈ গৈছে। আনহাতে, কোচ-ৰাজবংশীসকলৰ সমস্যাসমূহৰ প্ৰতি কেন্দ্ৰ তথা ৰাজ্য চৰকাৰে কোনো আগ্ৰহ নেদেখুৱাৰ অভিযোগ উত্থাপিত হৈছে।
উল্লেখযোগ্য যে অলপতে কোচ-ৰাজবংশীসকলৰ জনজাতিকৰণৰ দাবীক লৈ বঙাইগাঁৱত এখন বিশাল গণ সমাৱেশ অনুষ্ঠিত হৈ যায়।