NORTHEAST NOW (Assamese)
অসম

প্ৰাক্তন মন্ত্ৰী ৰকিবুল হুছেইনৰ সম্পত্তিৰ হিচাপ বিচাৰি কলিয়াবৰত দুৰ্নীতি নিবাৰক অভিযান

Posted by: ৰিদিপ শৰ্মা May 8, 2018 9:52 pm

প্ৰাক্তন মন্ত্ৰী তথা চামগুৰি বিধায়ক ৰকিবুল হুছেইনৰ সম্পত্তিৰ হিচাপ বিচাৰি নগাৱঁত আজি পুনৰ অভিযান চলাই অসম আৰক্ষীৰ দুৰ্নীতি নিবাৰক আৰু তদাৰকী কোষে।

কংগ্ৰেছৰ পৰা নিলম্বিত নেতা অনিল ৰাজাৰ গোচৰৰ ভিত্তিত ইতিমধ্যে যোৱা ১৯ এপ্ৰিলৰ পৰা নগাঁৱৰ বিভিন্ন স্থানত অভিযান চলোৱা হৈছিল, কেইদিনমানৰ বিৰতিৰ পিছত আজি পুনৰ তেওঁৰ বিৰুদ্ধে দুৰ্নীতি নিবাৰণ শাখাৰ অভিযান চলে।

এইবাৰ কলিয়াবৰৰ চুলুঙত থকা হুছেইনৰ কলিয়াভোমোৰা জল ক্ৰীয়া আৰু বিনোদন উদ্যানত অভিযান চলাই বিভিন্ন নথি-পত্ৰ পৰীক্ষা কৰে দুৰ্নীতি নিবাৰণ শাখাৰ চাৰিজনীয়া দলটোৱে ।

উল্লেখযোগ্য যে অনিল ৰাজাই দাখিল কৰা তালিকা অনুসৰি  নগাঁও চহৰৰ লগতে চামগুৰি সমষ্টিৰ কেবাটাও স্থানত অভিযান চলোৱাৰ পিছত আজি বিয়লি কলিয়াবৰৰ চুলুঙত থকা এই জল ক্ৰীয়া উদ্যানত অভিযান চলাই মূখ্যমন্ত্ৰীৰ দুৰ্নীতি নিবাৰণ শাখাৰ দলটোৱে।

হুছেইনে কংগ্ৰেছৰ শাসন কালত বন আৰু পৰ্য্যটন বিভাগৰ মন্ত্ৰী হৈ থকা সময়তে ২০১০ চনত প্ৰায় ১০ বিঘা ভুমিত উক্ত উদ্যানখন মুকলি কৰিছিল।

উদ্যানখনৰ বিভিন্ন নথি-পত্ৰ পৰীক্ষা কৰি কিছুসংখ্যক নথি পত্ৰ সংগ্ৰহ কৰি উভতি যায় অভিযানকাৰী দলটো ।