NORTHEAST NOW (Assamese)
অসম

হোজাইৰ বিষ্ণুপুৰত কণ কণ সন্তানক এৰি মহিলাৰ আত্মহত্যা

Posted by: নিখিল মুন্দ্ৰা May 8, 2018 9:35 pm
Jorhat: HSLC candidate found hanging in suspected case of suicide

মঙলবাৰে হোজাইৰ বিষ্ণুপুৰত এগৰাকী ২৫ বছৰীয়া মহিলাই তেওঁলোকে বাস কৰা ভাড়াঘৰত কণ কণ সন্তান দুটি এৰি  আত্মহত্যা কৰাৰ ঘটনা পোহৰলৈ আহিছে।

আৰক্ষী সূত্ৰত প্ৰকাশ যে কৃষ্ণ নান শৰ্মা নামৰ লোকজনৰ পত্নী সুপ্ৰিয়া শৰ্মাই তেওঁলোকে বাস কৰা কলিবাৰীৰ ৱাৰ্ড নং-৫ত থকা ভাড়াঘৰত চিপজৰী লৈ আত্মহত্যা কৰিছে।

মহিলাগৰাকীয়ে দুটা কণ কণ শিশুক এৰি আত্মহত্যা কৰাৰ কাৰণ এতিয়াও ৰহস্যৰ আৱৰ্তত।

খবৰ লাভ কৰা মাত্ৰেই হোজাই আৰক্ষীৰ লোক ঘটনাস্থলীত উপস্থিত হৈ মৃত মহিলাগৰাকীৰ শৱদেহ নিজৰ জিম্মালৈ আনে আৰু মৰণোত্তৰ পৰীক্ষা সম্পন্ন কৰাৰ বাবে নগাঁও অসামৰিক চিকিৎসাকেন্দ্ৰলৈ প্ৰেৰণ কৰে।

আৰক্ষীয়ে ইতিমধ্যে মহিলাগৰাকীৰ মৃত্যুৰ ৰহস্য ভেদ কৰাৰ বাবে বিভাগীয় অনুসন্ধান আৰম্ভ কৰিছে।.