NORTHEAST NOW (Assamese)

পৰিমল দাসৰ মৃত্যুত মুখ্য মন্ত্ৰী সোণোৱালৰ শোকপ্ৰকাশ : সমাজকৰ্মী, পৰিৱেশবিদ, অভিযন্তা দাসৰ মৃত্যু ৰাজ্যৰ বাবে ‘অপূৰণীয় ক্ষতি’

March 20, 2018 6:48 pm · এন ই নাও নিউজ

বিশিষ্ট সমাজকৰ্মী, পৰিৱেশবিদ, অভিযন্তা পৰিমল দাসৰ মৃত্যুত মুখ্য মন্ত্ৰী সৰ্বানন্দ সোণোৱালে গভীৰ শোক প্ৰকাশ কৰিছে।

এন ই নাওলৈ প্ৰেৰণ কৰা এক শোক বাৰ্তাত মুখ্য মন্ত্ৰীয়ে ৰাজ্যৰ পৰিৱেশ আন্দোলনলৈ তেওঁ যথেষ্ট বৰঙনি আগবঢ়াই গৈছে বুলি উল্লেখ কৰে।

‘এগৰাকী কৃতি অভিযন্তা তথা সমাজ সেৱক ৰূপেও ৰাজ্যখনলৈ অৰিহণা আগবঢ়োৱা’ দাসৰ মৃত্যু অসমৰ বাবে এক অপূৰণীয় ক্ষতি বুলি মুখ্য মন্ত্ৰীয়ে অভিহিত কৰি দাসৰ বিদেহ আত্মাৰ চিৰশান্তি কামনা কৰি ভগৱানৰ ওচৰত প্ৰাৰ্থনা জনোৱাৰ লগতে শোকসন্তপ্ত পৰিয়ালবৰ্গলৈ গভীৰ সমবেদনা জ্ঞাপন কৰে।

Related News