NORTHEAST NOW (Assamese)

বনকৰ্মী সকলৰ বাবে বনবিভাগে আয়োজন কৰিছে উচ্চ পৰ্যায়ৰ প্ৰশিক্ষণ শিবিৰ

January 30, 2018 10:05 am · উত্তম শইকীয়া

কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ বাগৰি ৰেঞ্জত বন বিভাগৰ উদ্যোগত বনকৰ্মী সকলৰ বাবে এক বিশেষ প্ৰশিক্ষণ আৰম্ভ হৈছে৷ ট্ৰেইনিং অৱ ডা ট্ৰেইনাৰ্চ নামৰ এক বিশেষ আঁচনিৰে ৰাজ্যৰ বন বিভাগে ৩০ গৰাকী বনকৰ্মীক এনে ধৰণৰ উচ্চ প্ৰশিক্ষণ দিয়াৰ ব্যৱস্থা কৰিছে।

পৰৱৰ্তী সময়ত এই প্ৰশিক্ষিত বনকৰ্মী সকলে নিজ নিজ বনাঞ্চলত আন বনকৰ্মী সকলক প্ৰশিক্ষণ প্ৰদান কৰিব ৷ নিৰ্বাচিত এই ৩০ গৰাকী প্ৰশিক্ষাৰ্থীক প্ৰশিক্ষণ প্ৰদান কৰিছে দক্ষিণ আফ্ৰিকাৰ বন্যপ্ৰাণী মহাবিদ্যালয়ৰ অভিজ্ঞ প্ৰশিক্ষক ৱান্টাৰ কমব্ৰিকে৷

কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান কৰ্তৃপক্ষ আৰু বিশ্ব প্ৰকৃতি নিধিৰ যৌথ উদ্যোগত বাগৰি ৰেঞ্জত উচ্চ পৰ্যায়ৰ এই প্ৰশিক্ষণ চলি আছে ৷ প্ৰশিক্ষনত কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ লগতে মানাহ ৰাষ্ট্ৰীয় উদ্যান, পবিতৰা অভয়াৰণ্য, আৰু ওৰাং ৰাষ্ট্ৰীয় উদ্যানৰ বনকৰ্মীয়ে অংশ গ্ৰহন কৰিছে ৷

প্ৰশিক্ষণত বনকৰ্মী সকলক চোৰাংচিকাৰীৰ বিৰুদ্ধে চলোৱা অভিযান, নিৰীক্ষণ, উন্নত অস্ত্ৰ ব্যৱহাৰৰ উপৰি বনাঞ্চলৰ যিকোনো পৰিস্থিতিৰ সৈতে মোকাবিলা কৰিব পৰাকৈ সম্পুৰ্ণ কামান্ডো কৌশলৰ প্ৰশিক্ষণ প্ৰদান কৰিছে প্ৰশিক্ষক ৱান্টাৰ কমব্ৰিকে৷

কাজিৰঙাৰ ডি এফ অ ৰোহিনী বল্লভ শইকীয়াৰ মতে প্ৰশিক্ষণ গ্ৰহন কৰি থকা ৩০ গৰাকী প্ৰশিক্ষাৰ্থীৰ ভিতৰৰ ১০ জনক  পৰৱৰ্তী সময়ত দ্বিতীয় পৰ্যায়ৰ প্ৰশিক্ষণৰ বাবে নিৰ্বাচিত কৰা হ’ব। প্ৰায় ৬ সপ্তাহ যোৰা দ্বিতীয় পৰ্যায়ৰ প্ৰশিক্ষণ প্ৰদান কৰা হ’ব কাজিৰঙাৰ অগৰাতলী ৰেঞ্জত৷

এই প্ৰশিক্ষণেৰে বনকৰ্মী সকলক চোৰাংচিকাৰীৰ বিৰুদ্ধে অভিযান চলাব পৰাকৈ প্ৰস্তুত কৰি তোলা হ’ব বুলিও ডি এফ অ ই জনায়৷

Related News