NORTHEAST NOW (Assamese)

বহিঃৰাজ্যৰ যুৱকক চাকৰিৰ প্ৰলোভনেৰে মহানগৰীৰ এপাৰ্টমেণ্টত আবদ্ধ কৰি ৰখা অভিযুক্তক গ্ৰেপ্তাৰ

May 13, 2018 10:27 pm · অনিৰ্বাণ পাঠক
আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰা ৰঞ্জন প্ৰসাদ ৰজক।

চাকৰি দিয়াৰ প্ৰলোভনেৰে বহিঃৰাজ্যৰ যুৱকক মাতি আনি মহানগৰীৰৰ ভেটাপাৰাৰ ৰিজন পেৰেডাইজ নামৰ এপাৰ্টমেণ্টটোত চাৰিজন যুৱকক আবদ্ধ কৰি ৰখা ঘটনা সন্দৰ্ভত দেওবাৰে হাতীগাওঁ আৰক্ষীয়ে এজন লোকক গ্ৰেপ্তাৰ কৰে। ধৃত লোকজন ৰঞ্জন প্ৰসাদ ৰজক বুলি আৰক্ষীয়ে জানিবলৈ দিছে।

উল্লেখযোগ্য যে যোৱা জানুৱাৰি মাহত কৰ্ণাটক, উৰিষ্যা আৰু হিমাচল প্ৰদেশৰ চাৰিজন তীব্বতীয় যুৱকক চাকৰি দিয়াৰ প্ৰলোভনেৰে মাতি আনি দুৰ্বৃত্তই উক্ত এপাৰ্টমেণ্টটোৰ এটা বন্ধ কোঠাত আৱদ্ধ কৰি ৰাখিছিল। পাছত বিশেষ সূত্ৰৰ খবৰৰ ভিত্তিত আৰক্ষীয়ে যুৱককেইজনক উদ্ধাৰ কৰিছিল।

তাৰ পিছতে যুৱককেইজনে আৰক্ষীক দিয়া এজাহাৰৰ ভিত্তিত হাতীগাওঁ আৰক্ষীয়ে ৬৩/১৮ নম্বৰত এটা গোচৰ পঞ্জীয়ন কৰিছ্লি। এই গোচৰৰ তদন্ত প্ৰক্ৰিয়াৰ অংশ হিচাপে ১৩ মে’ত হাতীগাওঁ আৰক্ষীয়ে নুনমাটিৰ এটা ভাৰাঘৰৰ পৰা অভিযুক্ত ৰঞ্জন প্ৰসাদ ৰজকক গ্ৰেপ্তাৰ কৰিছে।

 

Related News