NORTHEAST NOW (Assamese)

বাংগালুৰু এফ চিৰ বিৰুদ্ধে অৱতীৰ্ণ হ’ব আত্নবিশ্বাসেৰে ভৰপূৰ নৰ্থ-ইষ্ট ইউনাইটেড

January 26, 2018 8:59 am · এন ই নাও নিউজ
Updated: January 26, 2018 9:19 am

চলিত চতুৰ্থ হিৰো ইণ্ডিয়ান ছুপাৰ লীগ(আই এছ এল) ফুটবল প্ৰতিযোগিতাৰ আজি বাংগালুৰুৰ শ্ৰী কান্তীৰাভা ষ্টেডিয়ামত দ্বিতীয় লেগৰ খেলত অৱতীৰ্ণ হ’ব ঘৰুৱা দল বাংগালুৰু এফ চি আৰু নৰ্থ-ইষ্ট ইউনাইটেড।

উল্লেখযোগ্য যে প্ৰথম লেগত হতাশাজনক প্ৰদৰ্শন আগবঢ়োৱা নৰ্থ-ইষ্ট ইউনাইটেডে দ্বিতীয় লেগৰ সুন্দৰ আৰম্ভণি কৰিছে। আজি নৰ্থ-ইষ্ট ইউনাইটেডে প্ৰতিশোধ লোৱাৰ উদ্দেশ্যৰে বাংগালুৰুৰ খেল পথাৰত নামিব।

স্মৰ্তব্য যে ইয়াৰ পূৰ্বে গুৱাহাটীৰ সৰুসজাই ক্ৰীড়া প্ৰকল্পৰ ইন্দিৰা গান্ধী ষ্টেডিয়ামত অনুষ্ঠিত হোৱা প্ৰথম লেগৰ খেলত বাংগালুৰু এফ চিয়ে নৰ্থ-ইষ্টক পৰাজিত কৰিছিল।

আনহাতে আজিৰ খেলত জয়লাভ কৰি শীৰ্ষস্থান দখল কৰাই হ’ল ঘৰুৱা দলৰ প্ৰধান লক্ষ্য। ইফালে ক্ৰমাগত তিনিখন মেচ ঘৰুৱা মাটিত খেলি যথেষ্ট আত্মবিশ্বাসেৰে নৰ্থ-ইষ্ট দল উপস্থিত হৈছে বাংগালুৰুত।

লক্ষ্যণীয় যে অভৰাম গ্ৰাণ্টৰ দল নৰ্থ-ইষ্টৰ আত্মবিশ্বাসৰ কাৰণ হ’ল অন্তিম তিনিখন খেলৰ দুখনতে শক্তিশালী এফ চি গোৱা আৰু ছেন্নায়িন এফ চিক পৰাস্ত কৰিছে।

ইফালে আজিৰ খেল সন্দৰ্ভত নৰ্থ-ইষ্টৰ প্ৰশিক্ষক অভৰাম গ্ৰাণ্টে সংবাদ মাধ্যমৰ আগত কয় যে ‘ মই বাংগালুৰু দলৰ খেল টেলিভিছনত চাইছো, যথেষ্ট ভাৰসাম্য থকা দল। এই লৈ আমাৰ কোনো চিন্তাৰ কথা নাই কিয়নো যোৱা মেচৰ খেলে আমাক যথেষ্ট আত্মবিশ্বাসী কৰি তুলিছে। আমি এতিয়া যিকোনো দলকে পৰাভূত কৰিবলৈ সক্ষম হ’ম’।

উল্লেখযোগ্য যে নৰ্থ-ইষ্টে প্লে অফত স্থান নিশ্চিত কৰিবলৈ হ’লে দ্বিতীয় লেগৰ আটাইকেইখন খেলৰ পৰাই পইণ্ট সংগ্ৰহ কৰিব লাগিব।

Related News