NORTHEAST NOW (Assamese)
অসম

বাংলাদেশ ভ্ৰমণ কৰা ভাৰতীয় সাংবাদিকৰ দলে আহৰণ কৰিলে সীমান্ত ব্যৱস্থাপনাৰ প্ৰাথমিক তথ্য

Posted by: পান্না ঘোষ April 16, 2018 7:52 am
BGB-BSF-570x320

বাংলাদেশ সীমান্তৰক্ষী বাহিনী বি জি বি আৰু ভাৰতীয় সীমান্ত সুৰক্ষা বাহিনী বি এছ এফ ৰ যৌথ সহযোগত ভাৰতীয় সাংবাদিকৰ এটা দলক চাৰিদিনীয়া ভ্ৰমণসূচীৰে বাংলাদেশলৈ নিয়াৰ ব্যৱস্থা কৰা হৈছিল। নতুন দিল্লীৰ ছয়গৰাকী আৰু ত্ৰিপুৰাৰ পাঁচগৰাকী সাংবাদিককে ধৰি ১১ জনীয়া সাংবাদিকৰ দল এটাই এই ভ্ৰমণত অংশ লৈছিল।

ভ্ৰমণৰ অংশ হিচাপে দলটোৱে প্ৰথমতে বাংলাদেশ সীমান্ত অতিক্ৰম কৰি বেলনিয়াত উপস্থিত হয় আৰু তাত তেওঁলোকক উষ্ম আদৰণি জনোৱা হয়। বিজিবিৰ কোম্পানী কমাণ্ডেন্ট আলী আহমেদ, বি পি আৰ বিষয়া মহচিন আলী ৰেজা, লে: কৰ্ণেল মহম্মদ ছহিদুল ৰহমানে ভাৰতৰ পৰা যোৱা সাংবাদিকৰ দলটোক আদৰণি জনায়।

সাংবাদিকৰ দলটোক বিজিবিৰ বিষয়াসকলে সীমান্ত অঞ্চলত তহল অব্যাহত ৰখাৰ বাহিৰেও কেনেকৈ চোৰাং কাৰবাৰ ৰোধ কৰাৰ সীমান্ত ব্যৱস্থাপনাই কাম কৰি আছে সেয়া দেখুৱায়। তেওঁলোকে লগতে সীমান্ত ব্যৱস্থাপনাই চলাই থকা কাৰ্যব্যৱস্থাৰ বিষয়ে বিশদভাৱে সাংবাদিকৰ দলটোক অৱগত কৰে।

বিজিবিৰ কৰ্তৃপক্ষই প্ৰকাশ কৰে যে তেওঁলোকে ২০১৭ চনত ৩০ কোটি টকাৰ ভাৰতৰ পৰা বাংলাদেশলৈ চোৰাংভাৱে সৰবৰাহ কৰা নিষিদ্ধ সামগ্ৰী জব্দ কৰিবলৈ সক্ষম হৈছিল।

এই সামগ্ৰীসমূহৰ ভিতৰত বেছিভাগেই আছিল কাপোৰ, ফেন্সিডাইল, সুৰাৰ লগতে অন্যান্য সামগ্ৰী। নিষিদ্ধ সামগ্ৰীসমূহৰ সৰবৰাহৰ মূল কৰিডৰ হৈছে পিলাৰ নম্বৰ ২১৬৩। অৱশ্যে বিজিবি আৰু বিএছএফে ফ্লেগ মিটিঙৰ জৰিয়তে অপৰাধৰ হাৰ হ্ৰাস কৰিবলৈ নিয়মিত তহলৰ ব্যৱস্থা কৰে। সীমান্তৰ কাঁটা তাঁৰৰ বেৰে চোৰাং কাৰবাৰীসকলক ধৰা পেলোৱাত তেওঁলোকক সহায় কৰিছে।

বিজিবি কৰ্তৃপক্ষই জানিব দিয়ে যে যদিওবা তেওঁলোকৰ অত্যাধুনিক অস্ত্ৰ না