NORTHEAST NOW (Assamese)

বাক্সাত খটীয়া পহু উদ্ধাৰ

November 26, 2017 10:16 am · এন ই নাও নিউজ ব্যুৰো, গুৱাহাটী :
উদ্ধাৰ কৰা খটীয়া পহুটো।

কালি বাক্সা জিলাৰ ককলাবাৰীত গাওঁবাসীয়ে এটা খটীয়া পহু উদ্ধাৰ কৰে। নাদত পৰি থকা পহুটো কেইবা ঠাইতো আঘাতপ্ৰাপ্ত হয়। গাওঁবাসীৰ পৰা পহুটোৰ অৱস্থানৰ খবৰ পোৱাৰ পিছতে বন বিভাগৰ লোক আৰু মানস মাওজিগেন্দ্ৰি ইক’-টুৰিজমৰ সদস্য উপস্থিত হয় আৰু পহুটো উদ্ধাৰ কৰে। আঘাতপ্ৰাপ্ত পহুটোৰ বৰ্তমান চিকিৎসা চলাই থকা হৈছে। সুস্থ হোৱাৰ পিছত পহুটোক মানস ৰাষ্ট্ৰীয় উদ্যানত এৰি দিব বুলি বন বিভাগৰ লোকে জনাইছে।

Related News