NORTHEAST NOW (Assamese)

বাজেটত বড়োলেণ্ড আন্দোলনৰ চহিদ পৰিয়াললৈ আৰ্থিক সাহায্য ঘোষণা : এবছু নেতৃবৃন্দৰ আদৰণি

March 13, 2018 10:27 am · ৰিনয় বসুমতাৰী
Updated: March 13, 2018 3:32 pm

সোমবাৰে অসম বিধানসভাৰ মজিয়াত দাখিল কৰা বাজেটত বড়োলেণ্ড আন্দোলনৰ চহিদসকলৰ পৰিয়ালৰ লোকক আৰ্থিক সাহায্য প্ৰদানৰ বাবে চৰকাৰে কৰা ঘোষণাক সদৌ বড়ো ছাত্ৰ সন্থা চমুকৈ এবছুৰ নেতৃবৃন্দই ধন্যবাদ জ্ঞাপন কৰে।

এই আৰ্থিক সাহায্যৰ জৰিয়তে চহিদ পৰিয়ালৰ লোকসকলে যথেষ্ট পৰিমাণে সকাহ পাব বুলি উল্লেখ কৰে এবছুৰ সাধাৰণ সম্পাদক লৰেন্স ইচলাৰীয়ে।

বিত্ত মন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই সদনৰ মজিয়াত দাখিল কৰা সাধাৰণ বাজেটৰ সন্ধিয়া এবছুৰ সাধাৰণ সম্পাদক ইচলাৰীয়ে এক প্ৰেছ বিবৃতি প্ৰকাশ কৰে।

সদৌ বড়ো ছাত্ৰ সন্থাৰ নেতৃবৃন্দৰ তৰফৰ পৰা আমি অসম চৰকাৰক ধন্যবাদ জ্ঞাপন কৰিছো। কিয়নো চৰকাৰে বড়োলেণ্ড আন্দোলনৰ চহিদসকলৰ পৰিয়ালৰ লোকক আৰ্থিক সাহায্য প্ৰদান কৰাৰ যি মহানতা প্ৰদৰ্শন কৰিছে তাৰ ফলত সেই পৰিয়ালসকল আৰ্থিকভাৱে কিছু স্বচ্ছল হ’ব। এবছুৰ বিবৃতিটোত এইদৰে কোৱা হৈছে।

ইচলাৰীয়ে আৰু কয় যে, বড়োলেণ্ড আন্দোলনৰ সময়ত চহিদ হোৱা লোকসকলৰ প্ৰতি অসম চৰকাৰে দেখুওৱা সন্মানৰ বাবে আমাৰ সংগঠনৰ ফালৰ পৰা পুনৰ এবাৰ ধন্যবাদ জ্ঞাপন কৰিলো।

ইয়াৰোপৰি চৰকাৰে ঘোষণা কৰা আৰ্থিক সাহায্যৰ জৰিয়তে সেই পৰিয়ালসকল আৰ্থ-সামাজিক দিশত আগবাঢ়ি যাবলৈ সক্ষম হ’ব বুলিও আশা প্ৰকাশ কৰে সম্পাদক ইছলাৰীয়ে।

Related News