NORTHEAST NOW (Assamese)
অসম

বিদেশী ন্যায়াধিকৰণ আৰু উচ্চ ন্যায়ালয়ে বিদেশী বুলি ৰায় দিয়াৰ পিছতো এন আৰ চিৰ খচৰাত সফলতাৰে নাম অন্তৰ্ভুক্ত

Posted by: মযূখ গোস্বামী December 28, 2017 9:18 pm
বিদেশী ন্যায়াধিকৰণ আৰু উচ্চ ন্যায়ালয়ে বিদেশী বুলি ৰায় দিয়াৰ পিছতো এন আৰ চিৰ খচৰাত সফলতাৰে নাম অন্তৰ্ভুক্ত

বিদেশী ন্যায়াধিকৰণ আৰু উচ্চ ন্যায়ালয়ে অবৈধ বিদেশী বুলি স্পষ্ট ৰায় দিয়াৰ পিছতো এন আৰ চি প্ৰক্ৰিয়াটো বা এন আৰ চি কৰ্তৃপক্ষই দেশী নে বিদেশী নিৰ্ণয় কৰিব নোৱাৰিলে এগৰাকী মহিলাক। এন আৰ চিৰ খচৰা প্ৰকাশ কৰিবলৈ মাত্ৰ কেইঘণ্টামান থকাৰ সময়তে এনেকুৱা এটা ঘটনাই আচৰিত কৰিছে বহুতকে। উচ্চ ন্যায়ালয়ৰ এক নিৰ্দেশক কেন্দ্ৰ কৰি ঘটা এই ঘটনাটোৱে এন আৰ চি প্ৰক্ৰিয়াটো তথা এন আৰ চিৰ কাম কৰি থকা কৰ্তৃপক্ষৰ কাম-কাজৰ নিখুঁততা সম্পৰ্কত সন্দেহৰ অৱকাশ সৃষ্টি কৰিছে। উল্লেখযোগ্য যে যোৱা ডিচেম্বৰৰ ১ তাৰিখে উচ্চ ন্যায়ালয়ে দিয়া এটা নিৰ্দেশত ৰাজ্য আৰু দৰং জিলাৰ এন আৰ চি কৰ্তৃপক্ষক দলগাওঁ আৰক্ষী থানাৰ অন্তৰ্গত শিয়ালমাৰিখুঁটি গাৱঁৰ এগৰাকী মহিলাৰ নাম বাদ দিবলৈ আদেশ দিব লগীয়া হয়। উক্ত মহিলাগৰাকীৰ নাম জেলেখা খাতুন আৰু তেওঁৰ স্বামীৰ নাম আব্দুল ৰচিদ। যোৱা ২০০৮ চনত মঙলদৈ বিদেশী ন্যায়াধিকৰণে তেওঁক একতৰফা ৰায়যোগে বিদেশী বুলি ঘোষণা কৰিছিল। পিছত খাতুনে উচ্চ ন্যায়ালয়ে ইয়াৰ বিৰুদ্ধে আপীল কৰিছিল যদিও উচ্চ ন্যায়ালয়ে উক্ত ৰায়টো অপৰিৱৰ্তিত ৰাখে আৰু WP ( C ) No. 7267 / 2017 নিৰ্দেশ যোগে খাতুনক বিদেশী ঘোষণা কৰে।

কিন্তু তাৰ পিছতো, জেলেখা খাতুনৰ নাম বৰ্তমান উন্নীতকৰণ হৈ থকা ৰাষ্ট্ৰীয় নাগৰিক পঞ্জীত সফলতাৰে অন্তৰ্ভুক্ত হোৱাটোৱে তাৎপৰ্য্য বহন কৰিছে। উচ্চ ন্যায়ালয়ৰ নিৰ্দেশটোৱে লাজত পেলোৱা দৰং এন আৰ চি কৰ্তৃপক্ষই আজি খাতুনৰ নাম এন আৰ চিৰ খচৰাৰ পৰা বাদ দিয়ে। এই ঘটনাটোৱে এন আৰ চিৰ প্ৰকাশ পাব লগীয়া খচৰাৰ নিখুঁততা সম্পৰ্কে সন্দেহৰ সৃষ্টি কৰিছে। কাৰণ বিদেশী ন্যায়াধিকৰণে আৰু উচ্চ ন্যায়ালয়ে অবৈধ বিদেশী বুলি স্পষ্ট ৰায় দিয়াৰ পিছতো এগৰাকী মহিলাক এন আৰ চি প্ৰক্ৰিয়াটো বা কৰ্তৃপক্ষই দেশী নে বিদেশী নিৰ্ণয় কৰিব নোৱৰাটোৱে প্ৰক্ৰিয়াটোৰ পৰা অসম প্ৰকৃততেই লাভৱান হ’ব নে নহয় সেই প্ৰশ্নচিহ্নৰ সৃষ্টি কৰিছে।