NORTHEAST NOW (Assamese)

বিদ্যালয় বন্ধ কৰাৰ বিৰুদ্ধে ৰঙিয়াত ছাত্ৰ-ছাত্ৰীৰ হিয়াভগা কান্দোন

March 6, 2018 8:36 am · এন ই নাও নিউজ
প্ৰতিবাদী ছাত্ৰ-ছাত্ৰীসকলৰ একাংশ

ৰঙিয়া চহৰৰ ৩ নং ৱাৰ্ডৰ বনগাঁৱত অৱস্থিত বংশীধৰ চৌধুৰী বড়ো মাধ্যম হাইস্কুল ত সোমবাৰে শৈক্ষিক কাৰ্যক্ৰমণিকাৰ পৰিৱৰ্তে দেখা গ’ল এক কৰুণ দৃশ্য। সকলো ছাত্ৰ-ছাত্ৰী বিদ্যালয়ত উপস্থিত হোৱাৰ পিছতে উঠিল কান্দোনৰ ৰোল। ছাত্ৰ-ছাত্ৰীসকলৰ কান্দোন দেখি বিদ্যালয়ৰ ছাৰ-বাইদেউ সকলৰো সেমেকি উঠিল দুচকু। ছাত্ৰ-ছাত্ৰীসকলক সান্তনা দিবলৈ আহিল স্থানীয় ৰাইজ। ইয়াৰ কাৰণ হ’ল এটা চৰকাৰী নিৰ্দেশনা।

উল্লেখ্য যে উচ্চ শিক্ষা আয়ুক্ত তথা সচিবে জাৰি কৰা এটা নিৰ্দেশনাত ৰঙিয়াৰ এই পুৰণি বংশীধৰ চৌধুৰী বড়ো মাধ্যম হাইস্কুল খন বন্ধ কৰি দিব বিচৰা হৈছে। বিদ্যালয়খনত ছাত্ৰ-ছাত্ৰীৰ সংখ্যা কম বুলি দোহাৰি দি ৰাজ্য চৰকাৰে বিদ্যালয়খন বন্ধ কৰি দিয়াৰ যুক্তি প্ৰদান কৰিছে।

শিক্ষা বিভাগে বিদ্যালয়খন বন্ধ কৰি ৰঙিয়া নগৰৰ পৰা ৬ কিলোমিটাৰ আঁতৰৰ গুৰুকুছিত অৱস্থিত ‘ৰঙিয়া বড়ো মাধ্যম বিদ্যালয়’ৰ সৈতে চামিল কৰিব বিচাৰিছে। ইমান দিনে পঢ়ি অহা ছাত্ৰ-ছাত্ৰী, শিক্ষা দান কৰা শিক্ষক-শিক্ষয়ত্ৰীৰ লগতে স্থানীয় ৰাইজ চৰকাৰৰ এই সিদ্ধান্তত ম্ৰিয়মাণ হৈ পৰিছে।

বিদ্যালয়খনত ৰঙিয়াৰ ওচৰৰ বহু বড়ো অধ্যুষিত অঞ্চলৰ ছাত্ৰ-ছাত্ৰীয়ে অধ্যয়ন কৰে। নতুন শিক্ষা বৰ্ষৰ বাবে পাঠ্যপুথিও বিতৰণ কৰা হ’ল। বিগত বৰ্ষৰ শেষাৰ্ধত গুণোৎসৱো অনুষ্ঠিত হৈ গৈছে। এনে পৰিস্থিতিত চৰকাৰে হঠাতে বিদ্যালয়খন বন্ধ কৰি দিয়া সিদ্ধান্তক সহজভাৱে মানি ল’ব পৰা নাই কোনেও।

চৰকাৰৰ এনে হঠকাৰী সিদ্ধান্তৰ বিৰুদ্ধে ক্ষোভ প্ৰকাশ কৰি কালি বিদ্যালয়খনৰ সন্মুখত ছাত্ৰ-ছাত্ৰীসকলে প্ৰতিবাদ সাব্যস্ত কৰে। পাছত ৰঙিয়া মহাবিদ্যালয়ৰ সন্মুখত পথ অৱৰোধ কাৰ্যসূচীৰে প্ৰতিবাদস্থলী উত্তাল কৰি তোলে। ছাত্ৰ-ছাত্ৰীসকলৰ এই প্ৰতিবাদ কাৰ্যসূচীত বড়ো সংগঠন এবছুৰ বিভিন্ন নেতা-কৰ্মীয়েও অংশগ্ৰহণ কৰে।

Related News