NORTHEAST NOW (Assamese)

বিশ্বনাথত ৰহস্যজনকভাৱে পুখুৰীত মহিলাৰ মৃতদেহ উদ্ধাৰ

July 14, 2018 10:36 pm · কাজি জেইদুল ইছলাম
বিশ্বনাথৰ খৰাশিমলুত আজি ৰহস্যজনকভাৱে এগৰাকী মহিলাৰ মৃতদেহ উদ্ধাৰ হোৱা ঘটনাই অঞ্চলটোত চাঞ্চল্যৰ সৃষ্টি কৰিছে।
উল্লেখযোগ্য যে বিশ্বনাথৰ খৰাশিমলুত মনিষা কুমাৰ নামৰ ২০ বছৰীয়া বিবাহিত মহিলা গৰাকীৰ মৃতদেহ নিজৰ ঘৰৰ পিছফালে পুখুৰীত উপঙি থকা অৱস্থাত উদ্ধাৰ হয়।
আনহাতে পৰিয়ালৰ লোকে জানিবলৈ দিয়া মতে যোৱা অনুসৰি মহিলা গৰাকীৰ গিৰিয়েক সঞ্জীৱ কুমাৰে সুৰামত্ত অৱস্থাত মনিষাৰ লগত কাজিয়াত লিপ্ত হয়। আৰু ইয়াৰ পিছৰে পৰা মহিলা গৰাকী ৰহস্যজনকভাৱে নিৰুদ্দেশ হৈ আছিল।
ইতিমধ্যে ঘটনাস্থলীত বিশ্বনাথ আৰক্ষী উপস্থিত হৈ মৃতদেহ মৰণোত্তৰ পৰীক্ষালৈ প্ৰেৰণ কৰাৰ লগতে তদন্ত অব্যাহত ৰাখিছে।

Related News