NORTHEAST NOW (Assamese)
অসম

বিহু কমিটিৰ সদস্যক আক্ৰমণ কৰা দুষ্কৃতিকাৰীক গ্ৰেপ্তাৰৰ দাবীৰে কৃষ্ণাই থানাৰ সন্মুখত অৱস্থান ধৰ্মঘট

Posted by: এন ই নাও নিউজ April 23, 2018 1:31 pm
krishnai

শনিবাৰে গোৱালপাৰা জিলাৰ কৃষ্ণাইৰ পাইকানত বিহুৰ চান্দা সংগ্ৰহক লৈ দুই ফৈদৰ মাজত সৃষ্টি হোৱা পৰিস্থিতি সন্দৰ্ভত আজিও অব্যাহত আছে প্ৰতিবাদ। আজি কৃষ্ণাই থানাৰ সন্মুখত কৃষ্ণাইৰ স্থানীয় ৰাইজ আৰু নাগৰিক সভাই পলায়ন কৰি থকা অভিযুক্তকাৰী কেইজনক গ্ৰেপ্তাৰৰ দাবীত তিনি ঘণ্টীয়া অৱস্থান ধৰ্মঘট কাৰ্যসূচী গ্ৰহণ কৰিছে।

উল্লেখ্য যে শনিবাৰে গোৱালপাৰা জিলাৰ কৃষ্ণাই বিহু কমিটিৰ সদস্যক অৰ্চাড গ্ৰীণ নাৰ্চাৰীৰ কৰ্মচাৰীয়ে চোকা অস্ত্ৰৰে আক্ৰমণ কৰিছিল। আৰু এই আক্ৰমণত বিহু কমিটিৰ কেইবাজনো সদস্য গুৰুতৰভাৱে আহত হৈছিল।

মাৰপিটত জড়িত থকা নাৰ্চাৰীৰ প্ৰায় ১৫ জনীয়া সদস্যৰ দলটোৰ মাত্ৰ ৫ জন লোককহে আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয়। আৰু বাকী ১০ জন সদস্যক শীঘ্ৰে গ্ৰেপ্তাৰ কৰি কঠোৰৰ পৰা কঠোৰ শাস্তি প্ৰদান কৰাৰ দাবীত উক্ত ঘৰ্মঘট কাৰ্যসূচী গ্ৰহণ কৰা হয় বুলি জানিবলৈ দিয়ে।

ইয়াৰ উপৰি ধৰ্মঘটকাৰী সকলে চৰকাৰী মাটিত কিদৰে নাৰ্চাৰী স্থাপন কৰিব পাৰে তাক লৈও প্ৰশ্ন উত্থাপন কৰে আৰু বিষয়টো সন্দৰ্ভত এক উচ্চ পৰ্যায়ৰ তদন্তৰ দাবী জনায়।

উল্লেখযোগ্য যে শনিবাৰে গোৱালপাৰা জিলাৰ কৃষ্ণাই বিহু কমিটিৰ সদস্যক অৰ্চাড গ্ৰীণ নাৰ্চাৰীৰ কৰ্মচাৰীয়ে চোকা অস্ত্ৰৰে আক্ৰমণ কৰে। ফলত বিহু কমিটিৰ ৪ জনকৈ সদস্য গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হৈছিল।

ইফালে বিহু কমিটিৰ সদস্যক আক্ৰমণ কৰাৰ পিছতে বিহু কমিটিৰ অন্য একাংশ সদস্য ক্ষুব্ধ হৈ নাৰ্চাৰীখনৰ এটা বাসৃগহ, এখন বাইক আৰু এখন পিকআপ ভান জ্বলাই দিছিল।