NORTHEAST NOW (Assamese)

বৃদ্ধি পাইছে ব্ৰহ্মপুত্ৰৰ জলপৃষ্ঠ; গুৱাহাটী-উত্তৰ গুৱাহাটীৰ মাজৰ ফেৰীসেৱা বাতিল

June 18, 2018 11:50 am · এন ই নাও নিউজ

যোৱা কিছুদিনৰ পৰা বৃদ্ধি পোৱা অস্বাভাৱিক তথা নেৰানেপেৰা বৰষুণৰ বাবে ভয়াবহ ভাৱে ৰাজ্যত বান সমস্যাই দেখা দিয়াৰ লগতে বৃদ্ধি পাইছে ব্ৰহ্মপুত্ৰ নদীৰ পানী। ব্ৰহ্মপুত্ৰৰ জলপৃষ্ঠ বৃদ্ধিৰ বাবে ইতিমধ্যে উত্তৰ গুৱাহাটীৰ তিনিওটা ফেৰীঘাট পানীত বুৰ যোৱা বুলি জানিব পৰা গৈছে।

জানিব পৰা মতে মধ্যম খণ্ড ঘাটৰ একাংশ পথ উটুৱাই নিয়ে ব্ৰহ্মপুত্ৰৰ বাঢ়নী পানীয়ে। তাৰোপৰি পানীৰ ধলে ফেৰীঘাটৰ দলঙো উটুৱাই নিয়া বুলি জানিব পৰা গৈছে।

উল্লেখ্য যে ব্ৰহ্মপুত্ৰৰ জলপৃষ্ঠ বৃদ্ধি পোৱাত শংকিত হৈয়ে উত্তৰ গুৱাহাটী আৰু গুৱাহাটীৰ মাজত চলা ফেৰীসেৱা বাতিল কৰি দিয়ে। হঠাতে ফেৰী সেৱা বাতিল কৰাত এতিয়া যাত্ৰীসকলৰ মাজত হাহাকাৰ পৰিস্থিতিৰ উদ্ভৱ হৈছে।

বাঢ়নী পানীৰ ফলত যাতে কোনো ধৰণৰ দুৰ্ঘটনা সংঘটিত নহয় তাৰ প্ৰতি লক্ষ্য ৰাখিয়ে জল পৰিবহণ বিভাগে সাময়িকভাৱে সকলো ফেৰীসেৱাৰ চলাচল বন্ধ ৰাখিছে। তাৰ মাজতে কিন্তু বিপদক একাষৰীয়া কৰি অব্যাহত ৰাখিছে ভটভটী সেৱা।

Related News