NORTHEAST NOW (Assamese)
অসম

বোকাখাতৰ মেথনি চাহ বাগিচাত ভয়ংকৰ পথ দুৰ্ঘটনা : থিতাতে নিহত দুজন

Posted by: উত্তম শইকীয়া April 14, 2018 12:42 pm
দুৰ্ঘটনা

বোকাখাতৰ মেথনি চাহ বাগিচাৰ ফেক্টৰিৰ সমীপত ৩৭ নং ৰাষ্ট্ৰীয় পথত গৰু বিহুৰ দিনা পুৱাতেই এক শোকাৱহ দুৰ্ঘটনা সংঘৰ্টিত হয় ৷

AS 25C 6393 নম্বৰৰ এখন তীব্ৰবেগী মালবাহী ট্ৰাকে মহতিয়াই নিয়ে  AS 03W 1105 নম্বৰৰ মটৰ চাইকেলখনক ৷

এই ভয়ংকৰ দুৰ্ঘটনাটোৰ ফলত ঘটনাস্থলীতেই নিহত হয় দুজন লোকৰ ৷ নিহত লোক দুজনৰ এজনৰ জেপত পোৱা ভোটাৰ পৰিচয় পত্ৰৰ পৰা তেওঁ খুমটাই আৰক্ষী থানা এলেকাৰ দৰিয়া চাহ বাগিচাৰ কামাখ্যা মুখিয়াল বুলি জানিব পৰা গৈছে।

আনহাতে, দ্বিতীয় জন নিহত ব্যক্তি একে বাগিচাৰে অনিল চামাচি বুলি জানিব পৰা গৈছে ৷ এই ভয়ংকৰ দুৰ্ঘটনাটোত মালবাহী ট্ৰাকখনৰ কোনো লোক হতাহত হোৱাৰ খৱৰ পোৱা নাই।

আজি গৰু বিহুৰ দিনা পুৱাই সংঘটিত শোকাৱহ ঘটনাটোৱে অঞ্চলটোত শোকৰ ছাঁ পেলাইছে।