NORTHEAST NOW (Assamese)

ব্ৰেইন টিউমাৰত আক্ৰান্ত ক্ষুদ্ৰ ব্যৱসায়ীৰ পুত্ৰ : সাহায্যৰ অভাবত উন্নত চিকিৎসাৰ পৰা বঞ্চিত ১১ বছৰীয়া দেৱজিত

December 26, 2017 10:48 am · এন ই নাও নিউজ

দৰিদ্ৰতাই কোঙা কৰি পেলোৱা এটা পৰিয়ালৰ এক কৰুণ কাহিনী। বঙাইগাওঁ জিলাৰ অভয়াপুৰীৰ ২ নং ৱাৰ্ডৰ পিৰাধৰাৰ বাসিন্দা মহাদেৱ পালৰ পুত্ৰ দেৱজিত পাল আক্ৰান্ত হৈছে এক জটিল ৰোগত। পেচাত এজন বাদাম বেপাৰী মহাদেৱে অভয়েশ্বৰী উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ সন্নমুখত বাদাম বিক্ৰী কৰি পৰিয়ালটো যেনতেন পোহপাল দি আহিছে। কিন্তু পুত্ৰৰ এনে জটিল ৰোগে পৰিয়ালটোলৈ যেন অমানিশা নমাই আনিলে।

অভয়েশ্বৰী উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ ষষ্ঠ শ্ৰেণীত অধ্যয়নৰতঃ দেৱজিতৰ প্ৰথম অৱস্থাত সামান্য মুৰৰ বিষ আৰু বমি হৈছিল বুলি জানিব পৰা গৈছে। কিন্তু দিনক দিনে মুৰৰ বিষ বেছি হৈ অহাত তেওঁৰ পিতৃয়ে ধাৰ ঋণ কৰি গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ত মগজুৰ পৰীক্ষা কৰোৱাৰ ব্যৱস্থা কৰে। পৰীক্ষাৰ অন্তত চিকিৎসকে কিশোৰজনৰ মূৰত এটা টিউমাৰ হোৱা বুলি জানিবলে দিয়ে। চিকিৎসাৰ বাবে ধনৰ যোগাৰ কৰিব নোৱাৰা অসহায় পিতৃ-মাতৃয়ে পুত্ৰৰ মুখলৈ চাই দিন পাৰ কৰিব লগা হৈছে।

মেধাবী পুত্ৰক লৈ বহু সপোন ৰচনা কৰা পিতৃ-মাতৃয়ে পুত্ৰক সুস্থ কৰি তুলিবলৈ ৰাইজৰ পৰা কিছু সহাৰি বিছাৰিছে। পিতৃ মহাদেৱ পালে তেওঁৰ নামত থকা ভাৰতীয় ষ্টেট বেংক অভয়াপুৰী শাখাৰ ৩৪২২২৫৪৫১০১ নম্বৰৰ একাউন্টত সাহায্য প্ৰদানৰ বাবে ৰাইজ আৰু অনুষ্ঠান- প্ৰতিষ্ঠান সমূহক অনুৰোধ জনায়। সহায়ৰ বাবে আগ্ৰহী ৰাইজে মহাদেৱ পালৰমোবাইল নম্বৰ   ৮৯২০৯১৩৬৩৭ ত যোগাযোগ কৰিব পাৰিব৷

 

Related News