NORTHEAST NOW (Assamese)

বৰদিনৰ মাজতে খাৰুপেটীয়াত পথ দুৰ্ঘটনাত ৩ জন যুৱক গুৰুতৰভাৱে আহত

December 25, 2017 4:03 pm · এন ই নাও নিউজ
Updated: December 25, 2017 4:05 pm
প্ৰতিনিধিত্বমূলক ছবি

গোটেই বিশ্বৰ লগতে অসমতো বিভিন্ন ঠাইত আজিৰ দিনটোত উলহ-মালহেৰে বৰদিন উদযাপন চলি থকাৰ মাজতে দৰং জিলাৰ খাৰুপেটিয়াত এক পথ দুৰ্ঘটনা সংঘটিত হয়। জানিব পৰা মতে দৰং জিলাৰ খাৰুপেটীয়াত এ এছ বি জি ৮৯০২ নম্বৰৰ এখন মটৰচাইকেলৰ সৈতে বিপৰীত দিশৰ পৰা আহি থকা এ এছ ১৩ এফ ৭০৩৯ নম্বৰৰ এখন মটৰচাইকেলৰ মুখামুখি সংঘৰ্ষ হয়। এই মুখামুখি সংঘৰ্ষৰ ফলত মটৰচাইকেল কেইখনত আহি থকা ৩ জন যুৱক গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হয়। আৰক্ষীয়ে আঘাতপ্ৰাপ্ত যুৱক কেইজনক সুদীপ দাস(২২), জাকাৰিয়া আহমেদ(১৫), আব্দুল আৱাল(১৭) বুলি চিনাক্তকৰণ কৰাৰ লগতে তেওঁলোক খাৰুপেটীয়াৰে নিবাসী বুলি জানিবলৈ দিয়ে। আনহাতে আঘাতপ্ৰাপ্ত যুৱককেইজনক তাৎক্ষণিকভাৱে খাৰুপেটিয়া প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰৰ পৰা উন্নত চিকিৎসাৰ বাবে মঙলদৈ অসামৰিক চিকিৎসালয়লৈ প্ৰেৰণ কৰে বুলি আৰক্ষীয়ে জানিবলৈ দিয়ে।

Related News