NORTHEAST NOW (Assamese)
অসম

বৰাক উপত্যকাক কেন্দ্ৰশাসিত অঞ্চল ঘোষণাৰ দাবী

Posted by: এন ই নাও নিউজ December 25, 2017 3:35 pm

বৰাক উপত্যকাৰ কেন্দ্ৰশাসিত অঞ্চল দাবী কমিটীয়ে (Union Territory Demand Committee) বৰাক উপত্যকাক কেন্দ্ৰ শাসিত অঞ্চলৰ মৰ্য্যাদা দিয়াৰ দাবীত অহা ১৬ জানুৱাৰীত এক সমাৱেশৰ আয়োজন কৰিছে। UTDC ৰ সভাপতি সঞ্জীত দেবনাথে কয় যে এই সমাৱেশৰ পিছতে তেওঁলোকে নিজৰ দাবীৰ সমৰ্থনত এক ধৰ্ণা কাৰ্য্যসূচী লোৱাৰ কথাও বিবেচনা কৰি আছে। লগতে তেওঁলোকৰ দাবী জনাই ৰাষ্ট্ৰপতি, প্ৰধান মন্ত্ৰী, গৃহ মন্ত্ৰী তথা বিভিন্ন বিৰোধী দলৰ নেতাবোৰলৈও তেওঁলোকৰ সমৰ্থন বিচাৰি এক স্মাৰকপত্ৰ প্ৰেৰণ কৰিব। যদি বৰাক উপত্যকাক কেন্দ্ৰশাসিত অঞ্চল হিচাপে ঘোষণা কৰা হয় তেন্তে ইয়াৰ নাম হ’ব লাগিব ‘পূৰ্বাঞ্চল’। সভাপতিজনে আমাক জানিবলৈ দিয়ে। তেওঁ অভিযোগ কৰি কয় যে কেন্দ্ৰ আৰু ৰাজ্য চৰকাৰে বৰাক উপত্যকাৰ প্ৰতি সদায় পক্ষপাতমূলক দৃষ্টি লৈ আহিছে। কেন্দ্ৰ শাসিত অঞ্চল হিচাপে মৰ্য্যাদা পালে ই কেন্দ্ৰৰ পৰা পোনপটীয় পুঁজি লাভ কৰিব আৰু অধিক সুপ্ৰশাসনৰ সুযোগ আহিব।

উল্লেখযোগ্য যে ভাৰতত বৰ্তমানলৈকে ৰাষ্ট্ৰীয় ৰাজধানী দিল্লীকে ধৰি সাতটা কেন্দ্ৰশাসিত অঞ্চল আছে। আনহাতে বৰাক উপত্যকা নামটোৰ উৎস হ’ল অঞ্চলটোৰ মাজেৰে বৈ যোৱা আৰু সমগ্ৰ অসমৰে দ্বিতীয়খন প্ৰধান নদী বৰাক নদী।