NORTHEAST NOW (Assamese)

ভাস্কৰ কলিতাৰ মৃত্যুৰ তদন্তৰ বাবে ৰাজ্য চৰকাৰৰ তদন্ত কমিটী গঠন

May 17, 2018 9:45 am · এন ই নাও নিউজ
৪ মে'ত চহিদ হোৱা আৰক্ষী বিষয়া ভাস্কৰ কলিতা

তিনিচুকীয়া জিলাৰ বৰডুমচাত ৪ মে’ত আলফা স্বাধীনৰ গুলীত মৃত্যুক সাৱতি লোৱা বিষয়া ভাস্কৰ কলিতাৰ মৃত্যুৰ ঘটনাৰ তদন্তৰ বাবে ৰাজ্য চৰকাৰে কমিটী গঠন কৰিছে।

উল্লেখযোগ্য যে যোৱা ৪ মে’ৰ বিয়লি প্ৰায় ৩ বজাত বৰডুমচা থানাৰ অৰ্ন্তগত খজুৱা পথাৰত আলফা-বিৰোধী অভিযানৰ সময়ত বুলেট প্ৰূফ জেকেট পৰিধান কৰাৰ পিছতো আৰক্ষী উপ-পৰিদৰ্শক কলিতাই গুলীবিদ্ধ হৈ মৃত্যু হ’বলগীয়া হোৱা ঘটনাই ৰাজ্যজুৰি চাঞ্চল্য সৃষ্টি কৰাৰ লগতে বুলেট প্ৰূফ জেকেটক লৈ বিভিন্ন প্ৰশ্ন উত্থাপিত হৈছিল।

উক্ত জেকেট বুলেট প্ৰতিৰোধী নাছিল বুলি বিভিন্ন পক্ষৰ পৰা অভিযোগ উত্থাপন হোৱাৰ পিছত আৰক্ষী বিষয়াগৰাকীৰ কালি আদ্যশ্ৰাদ্ধৰ দিনা বৰডুমচাৰ সংঘৰ্ষৰ ঘটনা তদন্তৰ দায়িত্ব ৰাজহ আৰু দুৰ্যোগ ব্যৱস্থাপনা বিভাগৰ  দায়িত্বত থকা অতিৰিক্ত মুখ্য সচিব কুমাৰ সঞ্জয় কৃষ্ণক দিয়া হয়।

অহা ২২ মে’ত ৰাজ্য চৰকাৰে গঠন কৰা উক্ত এজনীয়া তদন্ত কমিটীয়ে  বৰডুমচা পৰিদৰ্শন বঙলাত ৰাইজৰ শুনানি গ্ৰহণ কৰিব। এই শুনানিত দিনৰ ১২-৩০ বজাৰ পৰা ৩ বজালৈ ঘটনা সম্পৰ্কত কোনো সংগঠন বা ব্যক্তিয়ে কমিটীক লিখিত বিবৃতি দাখিল কৰিব পাৰিব।

Related News