ভাৰত বিশ্বৰ চতুৰ্থ বৃহত্তম অৰ্থনীতি হোৱাৰ দাবীক লৈ কি ক’লে কংগ্ৰেছ নেতা পৱন খেৰাই?
কংগ্ৰেছ নেতা পৱন খেৰাই নিটি আয়োগৰ মুখ্য কাৰ্যবাহী বিষয়া (চিইঅ’) বিভিআৰ সুব্ৰমণিয়ামৰ বক্তব্যৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰি কেন্দ্ৰীয় চৰকাৰক তীব্ৰ সমালোচনা কৰিছে।
বিভিআৰ সুব্ৰমণিয়ামে কৈছিল যে ভাৰত এতিয়া বিশ্বৰ চতুৰ্থ বৃহত্তম অৰ্থনীতি হিচাপে পৰিগণিত হৈছে। আন্তঃৰাষ্ট্ৰীয় মুদ্ৰা নিধিৰ তথ্যৰ উদ্ধৃতি দি তেওঁ এই বিবৃতি দিয়ে।
কংগ্ৰেছ নেতা পৱন খেৰাই এই প্ৰতিবেদনক সমালোচনা কৰি সংবাদ মাধ্যমৰ আগত কয়, “আহক আমি জনমূৰি আয়ৰ কথা কওঁ, ধনী আৰু দুখীয়াৰ মাজত ক্ৰমাৎ বৃদ্ধি পোৱা ব্যৱধানৰ কথা কওঁ।”
মধ্যবিত্ত শ্ৰেণীৰ কথা উল্লেখ কৰি কংগ্ৰেছ নেতাগৰাকীয়ে কয় যে ইএমআই দিবলৈ সংগ্ৰাম কৰি থকাসকলৰ কথা কওক, এমএছএমই খণ্ডৰ কথা কওক।
আমি যদি নিৱনুৱাৰ সংখ্যাই অভিলেখ সৃষ্টি কৰাৰ কথা কথা ভাবো, তেন্তে আমাৰ চকু কপালত উঠে।
পৱন খেৰাই কয়, “আমি এই দেশ বা সেই দেশতকৈ আগবাঢ়িছো বুলি ক’লে একো নহয়, আপোনাৰ দেশবাসীক সুধিব যে তেওঁলোক কিমান আগবাঢ়িছে আৰু কিমান পিছ পৰি আছে।”