NORTHEAST NOW (Assamese)

ভোগালী বিহু উপলক্ষে অসমবাসীলৈ মুখ্য মন্ত্ৰীৰ শুভেচ্ছা

January 12, 2018 9:30 pm · এন ই নাও নিউজ
ফাইল ফটো

আজি এন ই নাওলৈ প্ৰেৰণ কৰা এক প্ৰেছ বিবৃতিৰ জৰিয়তে মুখ্য মন্ত্ৰী গৰাকীয়ে ভোগালী  বিহু উপলক্ষে ৰাজ্যখনৰ সমূহ অসমবাসীলৈ আন্তৰিক ওলগ আৰু শুভেচ্ছা জ্ঞাপন কৰে। প্ৰেছ বিজ্ঞপ্তিটোৰ জৰিয়তে মুখ্য মন্ত্ৰী গৰাকীয়ে কয় যে, ‘ভোগালী  বিহুৰ পৱিত্ৰ মেজিৰ জুইয়ে আমাৰ সমাজৰ পৰা অসুয়া, অপ্ৰীতি নাশ কৰি আমাৰ মাজত থকা সম্প্ৰীতিৰ এনাজৰী অধিক সুদৃঢ় কৰি বৰাক-ব্ৰহ্মপুত্ৰ, পাহাৰ-ভৈয়ামত বসবাস কৰা সকলো অসমবাসীৰ মনত নতুন আশাৰ সঞ্চাৰ কৰিব।’ আনাহতে কৃষিভিত্তিক এই ভোগৰ উৎসৱৰ জৰিয়তে অসমৰ ৰাইজৰ মাজত থকা সাতামপুৰুষীয়া একতাৰ বান্ধোন অদিক সুদৃঢ় কৰাৰ লগতে ৰাজ্যখনৰ সৰ্বংগীন উন্নয়নৰ বাবে সকলোকে অহোপুৰুষাৰ্থ কৰাৰ বাবে প্ৰেৰণা যোগাব বুলিও মুখ্য মন্ত্ৰী গৰাকীয়ে আশা প্ৰকাশ কৰে।

Related News