NORTHEAST NOW (Assamese)

মণিপুৰৰ ইকুৱেষ্ট্ৰিয়ান চেম্পিয়নশ্বিপত এশতকৈও অধিক খেলুৱৈৰ যোগদান

February 2, 2018 10:34 pm · সভাপতি চামম

পাঁচ দিন ধৰি চলিব লগীয়া পঞ্চদশ ডিৰেক্টৰ জেনেৰেল আছাম ৰাইফলছ ছেণ্টিনেল কাপ ইকুৱেষ্ট্ৰিয়ান চেম্পিয়নশ্বিপ, ২০১৮ আৰু নৱম জুনিয়ৰ ষ্টেইট ইকুৱেষ্ট্ৰিয়ান চেম্পিয়নশ্বিপৰ উদ্বোধনী অনুষ্ঠান আজি মপল কাংজেইবাংত অনুষ্ঠিত হৈ যায়।

অহা ৬ ফেব্ৰুৱাৰিলৈ চলিব লগা প্ৰতিযোগিতাখন ৬ ছেক্টৰ আছাম ৰাইফলছ আৰু মণিপুৰ ইকুৱেষ্ট্ৰিয়ান এছ’চিয়েশ্যন আৰু পৃষ্ঠপোষকতাত অনুষ্ঠিত হৈছে। প্ৰতিযোগিতাখনৰ ছিনিয়’ৰ, জুনিয়’ৰ আৰু ছোৱালীৰ শাখাত বিভিন্ন ক্লাবৰ পৰা এশতকৈও অধিক খেলুৱৈয়ে নামভৰ্তি কৰা বুলি আয়োজকৰ সূত্ৰই জনাইছে।

আজিৰ উদ্বোধনী অনুষ্ঠানটোত IGAR ৰ ডেপুটি ইনছপেক্টৰ জেনেৰেল ব্ৰিগেডিয়াৰ ৰমেশ কুমাৰ সিং মুখ্য অতিথি হিচাপে উপস্থিত আছিল। সিঙে নিজৰ বক্তব্যত কয় যে বাৰ্ষিকভাৱে পতা ৰাজ্যিক স্তৰৰ একমাত্ৰ প্ৰতিযোগিতাখনত আছাম ৰাইফলছ গৌৰৱেৰে জড়িত হোৱা সুবিধা লাভ কৰি আহিছে। এই অনন্য ক্ৰীড়া প্ৰতিযোগিতাখন উৎসৰ্গিত ধৰণৰ প্ৰয়াসৰ মাজেৰে মণিপুৰ ইকুৱেষ্ট্ৰিয়ান এছ’চিয়েশ্যন আৰু আছাম ৰাইফলছে সফলতাৰ দিশত আনি উপনীত কৰাইছেহি।

লগতে তেওঁ কয় যে এই ক্ৰীড়া প্ৰতিযোগিতাখন মণিপুৰৰ ঘোঁৰাচালকসকলৰ ক্ৰীড়া প্ৰতিভাৰ প্ৰদৰ্শনৰ সুযোগ দিয়াৰ লগতে ইকুৱেষ্ট্ৰিয়ানৰ অনুৰাগীসকলৰ মিলন সুযোগ দিব।

ৰমেশ কুমাৰ সিঙৰ উপৰি মণিপুৰ হৰ্ছ ৰাইডিং আৰু প’ল’ এছ’চিয়েশ্যনৰ সভাপতি, মণিপুৰ ইকুৱেষ্ট্ৰিয়ান এছ’চিয়েশ্যনৰ সভাপতি, ৯ ছেক্টৰ আছাম ৰাইফলছৰ কমাণ্ডাৰো উপস্থিত আছিল।

Related News