NORTHEAST NOW (Assamese)

মলাশয়ত সোণঃ গুৱাহাটীৰ পিছত যোৰহাটৰ ৰৰৈয়া বিমান বন্দৰত আটক চোৰাং সোণ সৰবৰাহকাৰী

January 19, 2018 7:47 pm · স্মিতা ভট্টাচাৰ্য্য

যোৰহাটৰ ৰৰৈয়া বিমান বন্দৰত আজি পৱন চৌহান আৰু সুৰেন্দ্ৰ সিং নামৰ দুজন ব্যক্তিক সোণৰ চোৰাং সৰবৰাহৰ অভিযোগত গ্ৰেপ্তাৰ কৰা হয়।

লোক দুজনৰ মলাশয়ৰ পৰা ২.৩৬৫ কেজি ওজনৰ ১৪ টা সোণৰ বিস্কুট উদ্ধাৰ কৰা হৈছে।

ৰৰৈয়া বিমান বন্দৰত থকা চি আই এছ এফৰ নিৰাপত্তাৰক্ষীয়ে ৰাজস্থানৰ এই দুজন লোকক আটক কৰে।

এই সন্দৰ্ভত অধিক তদন্ত চলোৱাৰ বাবে নুমলীগড়ৰ পৰা শুল্ক বিভাগৰ লোক আহি যোৰহাটত উপস্থিত হৈছে।

উল্লেখযোগ্য যে গুৱাহাটীকে ধৰি অসম বিভিন্ন চোৰাং সামগ্ৰী সৰবৰাহৰ অন্যতম কেন্দ্ৰ হৈ পৰা বুলি বহু দিনৰ পৰা বিভিন্ন সূত্ৰই দাবী কৰি আহিছে।

মাত্ৰ কেইদিনমান পূৰ্বে গুৱাহাটী বিমান বন্দৰৰ পৰা মলাশয়ত সোণ সৰবৰাহকাৰী এজন ব্যক্তিক গ্ৰেপ্তাৰ কৰা হৈছিল। দুয়োটা ঘটনাৰ মাজত কিবা আন্তঃসংযোগ আছে নেকি এতিয়ালৈকে জানিব পৰা হোৱা নাই।

Related News