NORTHEAST NOW (Assamese)

মহানগৰীৰ হাতীগাৱঁৰ ছাত্ৰী অপহৰণৰ ঘটনা : অপহৃতাক উদ্ধাৰৰ পাছত ওলাল ওৰহী গছৰ ওৰ

May 13, 2018 9:21 pm · অনিৰ্বাণ পাঠক

মহানগৰীৰ হাতীগাৱঁৰ অনুপম পথৰ পৰা কালি, অৰ্থাৎ শনিবাৰে সন্ধিয়া দুগৰাকী কিশোৰী অপহৃত হোৱা ঘটনাটোৱে নতুন মোৰ লৈছে। কালিয়েই ৰাতিলৈ আৰক্ষীয়ে তৎপৰতাৰে অভিযান চলাই কিশোৰী দুগৰাকীক বকোত এখন নৈশবাছৰ পৰা উদ্ধাৰ কৰাৰ লগতে এই সন্দৰ্ভত দুজন যুৱককো আটক কৰিছিল। আৰক্ষীৰ অধিক তদন্তই পোহৰলৈ আনিছে ওৰহী গছৰ ওৰ। অষ্টম শ্ৰেণীত পঢ়ি থকা ছোৱালী দুগৰাকীক প্ৰকৃততে কোনেও অপহৰণ কৰা নাছিল, প্ৰেমজনিত কাৰণতহে নিজেই অন্তৰ্ধান হৈছিল কিশোৰী দুগৰাকী।

উল্লেখযোগ্য যে শনিবাৰে সন্ধিয়াৰ ভাগত উক্ত অঞ্চলটোৰ পৰা দুগৰাকী অষ্টম শ্ৰেণীৰ ছাত্ৰী নিৰুদ্দেশ হোৱা বুলি ৰাতি হাতীগাওঁ আৰক্ষী থানাত মাকনী বেগম নামৰ এগৰাকী মহিলাই এখন এজাহাৰ দাখিল কৰিছিল। এই এজাহাৰৰ ভিত্তিত আৰক্ষীয়ে নৈশ বাছত অভিযান চলাই কামৰূপৰ বকোৰ পৰা ছাত্ৰী দুগৰাকীক উদ্ধাৰ কৰে। লগতে ব্ৰজেন বৰা আৰু মনোজ কুমাৰ ছেত্ৰী নামৰ দুজন যুৱককো ঘটনা সন্দৰ্ভত আটক কৰে। ধৃত ব্ৰজেন বৰাৰ ঘৰ গোলাঘাটত আৰু মনোজ কুমাৰ ছেত্ৰীৰ অৰুণাচল প্ৰদেশত।

যুৱক দুজনৰ ভাষ্য অনুসৰি ছাত্ৰী দুগৰাকীয়ে শনিবাৰে তেওঁলোকক গোৱালপাৰাত থৈ আহিবলৈ দুয়োজনকে জোৰ কৰি নিছিল। গোৱালপাৰাত থকা প্ৰেমাস্পদৰ ওচৰলৈ তেওঁলোকে যোৱাৰ চেষ্টা কৰিছিল বুলি জানিব পৰা গৈছে।

ইতিমধ্যে এই সন্দৰ্ভত হাতীগাওঁ আৰক্ষীয়ে ৩০৪/১৮ নম্বৰত ভাৰতীয় দণ্ডবিধিৰ ৩৬৬(ক)/৩৪ ধাৰাত এটা গোচৰ ৰুজু কৰি যুৱক দুজনক গ্ৰেপ্তাৰ কৰিছে।

Related News