NORTHEAST NOW (Assamese)

মাণিকপুৰৰ ডাঙাইগাওঁত বনবিভাগৰ কৱলত চোৰাং শাল কাঠ ভৰ্ত্তি ট্ৰাক

March 22, 2018 1:21 pm · ইয়াছিন আলী
প্ৰতিনিধিত্বমূলক চিত্ৰ

আজি ৰাতিপুৱা বঙাইগাঁও জিলাৰ মাণিকপুৰ আৰক্ষী থানাৰ অন্তৰ্গত ৩১ নং ৰাষ্ট্ৰীয় ঘাইপথৰ ডাঙাইগাওঁত চোৰাং শাল কাঠ ভৰ্ত্তি দহ চকীয়া ট্ৰাক এখন কাজলগাঁৱ ৰেঞ্জৰ বন সুৰক্ষা কৰ্মীৰ সাতজনীয়া অভিযান কাৰী দলে জব্দ কৰিবলৈ সক্ষম হয়।

জানিব পৰা মতে NL 05 – D- 5426. নম্বৰৰ ট্ৰাকখনেৰে চোৰাংভাবে কঢ়িয়াই আনিছিল মূল্যবান কাঠ সমূহ। অবৈধভাবে কঢ়িয়াই অনা ট্ৰাকখনৰ খবৰ গোপন সূত্ৰৰ পৰা লাভ কৰা মাত্ৰেই চিৰাং জিলাৰ সাত জনীয়া বন সুৰক্ষা কৰ্মীৰ দলটোৱে যোৱা নিশাৰ পৰাই এক অভিযান চলোৱা পৰিলক্ষিত হয়। আৰু অৱশেষত আজি ৰাতিপুৱা কাঠভৰ্তী ট্ৰাকখন ডাঙাইগাৱত জব্দ কৰিবলৈ সক্ষম হয়।

ট্ৰাকখন জব্দ কৰাৰ লগে লগে ট্ৰাক চালক আৰু ট্ৰাকখনত থকা আন এজন ব্যক্তি অভিযানকাৰী দলটোৰ কৱলৰ পৰা পলায় যাবলৈ সক্ষম হয় বুলি জানিব পৰা গৈছে। ট্ৰাকখনত থকা শাল কাঠ সমুহৰ বজাৰ মূল্য কমেও ১৭-১৮ লক্ষাধিক টকা হ’ব বুলি অভিযানকাৰী দলটোৱে জানিবলৈ দিয়ে।

চোৰাং শাল কাঠবোৰ চিৰাং জিলাৰ কাজলগাঁও ৰেঞ্জৰ মানাহ ৰাষ্ট্ৰীয় উদ্যানৰ পৰা অনা বুলি জানিবলৈ দিছে অভিযানকাৰী দলটোৱে।

উল্লেখ্য যে এনেদৰে চোৰাং কাঠৰ সৰবৰাহৰ ঘটনা এয়া নতুন নহয়। ইয়াৰ পূৰ্বেও বহুবাৰ চোৰাং কাঠ সৰবৰাহকাৰী মাফিয়াই বনবিভাগৰ অজ্ঞাতে এনেদৰে ৰমৰমীয়া বেহা চলায় থকা বুলি স্থানীয় লোকে অভিযোগ কৰে।

Related News