NORTHEAST NOW (Assamese)
মিজোৰাম

মিজোৰামৰ ভোটাৰ তালিকাত পুৰুষতকৈ মহিলা ভোটাৰৰ সংখ্যা অধিক

Posted by: এন ই নাও নিউজ January 15, 2018 9:14 pm
ভোটাৰ

মিজোৰামত এই বছৰৰ শেষৰফালে অনুস্থিত হ’ব লগীয়া নিৰ্বাচনত মহিলা ভোটাৰৰ সংখ্যাই পুৰুষ ভোটাৰৰ সংখ্যা চেৰ পেলাই গৈছে। সোমবাৰে ভোটদান তালিকা প্ৰকাশ হোৱাৰ পিছত মিজোৰামত ১.৯৬ শতাংশ ভোটদাতা হাৰ বৃদ্ধি হোৱা পৰিলক্ষিত হৈছে।

ৰাজ্যখনৰ নিৰ্বাচন বিভাগে প্ৰকাশ কৰা ভোটাৰ তালিকাত মুঠ ৭,৫৯,৫১৯ ভোটাৰৰ নাম সন্নিৱিষ্ট হৈছে।

লক্ষণীয় যে এইবাৰৰ ভোটাৰ তালিকাত পুৰুষতকৈ মহিলাৰ ভোটৰৰ সংখ্যা অধিক। ৰাজ্যখনত মুঠ ৩,৮৮,০৪৬ গৰাকী মহিলা ভোটাৰ থকাৰ বিপৰীতে পুৰুষ ভোটাৰৰ সংখ্যা হৈছে ৩,৭১,৪৭৩।

প্ৰাপ্ত তথ্য মতে মিজোৰাম-বংলাদেশ-ত্ৰিপুৰা সীমান্তত মামিত জিলাত সৰ্বাধিক ২.৩৭ শতাংশ ভোটাৰৰ হাৰ বৃদ্ধি হোৱাৰ বিপৰীতে আইজল জিলাই ২.১১ শতাংশ ভোটদাতাৰ হাৰলৈ তালিকাখনৰ দ্বিতীয় স্থানত আছে।