NORTHEAST NOW (Assamese)

মীন সঞ্চালকালয়ত মীন অভিযান সমিটিৰ কাৰ্যালয় আৰু জিৰণি চৰা উদ্বোধন মীন মন্ত্ৰী শুক্লবৈদ্যৰ

March 15, 2018 10:04 pm · এন ই নাও নিউজ

অসম চৰকাৰৰ মীন সঞ্চালকালয়ত আজি বৃহস্পতিবাৰে মীন অভিযান সমিটিৰ কাৰ্যালয় আৰু মীন সঞ্চালকালয়ৰ এটা জিৰণি চৰা শুভ উদ্বোধন কৰা হয়।

মুখ্য মন্ত্ৰীৰ সমগ্ৰ উন্নয়ণ যোজনাৰ অধীনত নিৰ্মাণ কৰা উক্ত কাৰ্যালয় আৰু জিৰণি চৰাটোক আনুষ্ঠানিক ভাৱে উদ্বোধন কৰে মীন মন্ত্ৰী পৰিমল শুক্লবৈদ্যই।

অসম চৰকাৰৰ মীন বিভাগৰ অতিৰিক্ত মুখ্য সচিব তথা ভাৰতীয় প্ৰসাশনিক সেৱা বিষয়া এম চি জৌহাৰিৰ উপস্থিতিত অনুষ্ঠিত হোৱা উক্ত উদ্বোধন অনুষ্ঠানত মীন বিভাগৰ কেইবাজনো উচ্চ পদস্থ বিষয়াৰ লগতে অন্যান্ন বহু লোক উপস্থিত আছিল।

আজিৰ এই  অনুষ্ঠানতে মীন মন্ত্ৰী গৰাকীয়ে ৰাজ্যখনৰ কেইবাজনো জিলা মীন উন্নয়ন বিষয়াক মুদ্ৰকসহ একোটাকৈ লেপটপ প্ৰদান কৰে। ইয়াৰ উপৰি তেওঁ ৰাজ্যখনৰ কেইবাটাও আত্মসহায়ক গোটৰ মহিলাসকললৈ মাছৰ মানসংযোজিত আৰু ৰুচিব্যঞ্জক খাদ্য প্ৰস্তুতৰ বাবে ৰন্ধন প্ৰণালীৰ সামগ্ৰী বিতৰণ কৰে।

অনুষ্ঠানটোত মন্ত্ৰী পৰিমল শুক্লবৈদ্যই মীন বিভাগৰ বিষয়া কৰ্মচাৰী সকলৰ সৈতে এখন বৈঠকত মিলিত হয়।

Related News