NORTHEAST NOW (Assamese)
অসম

মুখ্য মন্ত্ৰীৰ সময়সীমালৈ এসপ্তাহো নাই, বিশ্বনাথত আৰম্ভই হোৱা নাই মথাউৰিৰ মেৰামতি

Posted by: কাজী জেইদুল ইছলাম April 24, 2018 10:04 pm
assam-flood

অসমৰ সকলো মথাউৰিৰ নিৰ্মাণ তথা মেৰামতি সম্পূৰ্ণ কৰাৰ বাবে মুখ্য মন্ত্ৰী সৰ্বানন্দ সোণোৱাল আৰু বান নিয়ন্ত্ৰণ মন্ত্ৰী কেশৱ মহন্তই দিয়া ৩০ এপ্ৰিলৰ অন্তিম সীমা উকলিবলৈ এসপ্তাহো নথকা অৱস্থাত আজি ২৪ এপ্ৰিললৈকে আৰম্ভই হোৱা নাই বিশ্বনাথ জিলাৰ ৰক্ষাকবচ বিশ্বনাথ পাণপুৰ মথাউৰিৰ মেৰামতিৰ কাম।

পাণপুৰ মথাউৰিৰ অৱস্থা

ভাগি থকা মথাউৰিটোৰ নিৰ্মাণ বন্ধ হৈ থকাত চিন্তিত হৈ পৰিছে নদী কাষৰীয়া লোকসকলকে ধৰি বিশ্বনাথবাসী ৰাইজ।

উল্লেখযোগ্য যে ২০১২ চনত এই মথাউৰিটোৰ বহু অংশ ব্ৰহ্মপুত্ৰই খহাই নিয়াত বিশ্বনাথ, চতিয়া আৰু জামুগুৰিহাটৰ ২ সহস্ৰাধিক গাওঁ পানীৰ তলত বুৰ গৈছিল।

স্থানীয় ৰাইজৰ অভিযোগ অনুসৰি যোৱা এবছৰে মথাউৰিটোৰ ভগ্ন অংশত কোনো ধৰণৰ মেৰামতি কৰা হোৱা নাই।

অভিযোগমতে এই পাণপুৰ মথাউৰিটোৰ ভোজমাৰী আৰু চিলামাৰী অঞ্চলৰ ৭.৬ কিঃমিঃ এলেকাত জিঅ’ বেগৰ কামৰ বাবে প্ৰায় ১০০ কোটি টকাৰ আবন্টন দিয়া হৈছিল যদিও আজিলৈকে এই কাম সম্পুৰ্ণ হৈ নুঠিল। আনহাতে, বিশ্বনাথৰ যি ৬ কিঃমিঃ অংশত জিঅ’ বেগৰ কাম হৈছিল তাৰো প্ৰায় ৬০% যোৱা বাৰিষাত ব্ৰহ্মপুত্ৰই খহাই নিলে।

এতিয়া মাজত এসপ্তাহো নথকা অৱস্থাত ৩০ এপ্ৰিলৰ পূৰ্বে কিদৰে মথাউৰিটোৰ নিৰ্মাণ সম্পূৰ্ণ হ’ব বুলি ৰাইজে প্ৰশ্ন কৰিছে।