NORTHEAST NOW (Assamese)
অসম

মেট্ৰিকত অসমৰ ভিতৰতে অষ্টম স্থান দখলেৰে ডিমৌলৈ গৌৰৱ কঢ়িয়ালে গুঞ্জানন বৰুৱাই

Posted by: হিতোজ্বল চেতিয়া May 25, 2018 1:58 pm
ATTACHMENT

আজি ঘোষিত হাইস্কুল শিক্ষান্ত পৰীক্ষাত অসমৰ ভিতৰত অষ্টম স্থান লাভ কৰে ডিমৌৰ দেওদুবি গাঁৱৰ  গুঞ্জানন বৰুৱাই। দোপনী হাইস্কুলৰ পৰা অৱতীৰ্ণ হোৱা গুঞ্জাননৰ এই সাফল‍্যত অঞ্চলটোত আজি উল্লাসৰ জোৱাৰ উঠা পৰিলক্ষিত হয়।

উল্লেখযোগ্য যে অতি দৰিদ্ৰ পৰিয়ালৰ সন্তান গুঞ্জাননে সৰুৰ পৰাই ভাল ঢোল বজায় আৰু ভাগৱত পাঠ কৰি ভাল পায়। ঘৰে ঘৰে তামোল-পাণ, মাছ, চাউল আদি বিক্ৰী কৰা গুঞ্জাননৰ দেউতাক ললিত বৰুৱাই পুত্ৰক শিক্ষা দিয়াত অকণো কৃপণালি কৰা নাছিল। পৰীক্ষাৰ সময়ত পুত্ৰক প্ৰয়োজনীয় সামগ্ৰীসমূহ যেনেতেনে হ’লেও যোগাৰ কৰি দিছিল দেউতাকে।

গুঞ্জানন আৰু মাক মিলেশ্বৰী বৰুৱাই ঘৰতে এৰী- মুগা পালন কৰি বিক্ৰী কৰি আৰ্থিকভাৱে দেউতাকক সহায় কৰি আহিছে। পুত্ৰৰ এই সাফল‍্যত মাক-দেউতাক দুয়োগৰাকীৰে চকু আনন্দ তথা আৱেগৰ চকুলোৰে উপচি পৰিছে। দিনে ৮ ৰ পৰা ১২ ঘন্টা পৰ্যন্ত অধ্যয়নত মনোনিৱেশ কৰা গুঞ্জাননে পৰৱৰ্তী পৰ্যায়ত নগাঁৱৰ ৰামানুজন কনিষ্ঠ মহাবিদ‍্যালয়ত বিজ্ঞান বিভাগত পঢ়িবলৈ মন আছে বুলি জানিবলৈ দিছে।

গুঞ্জানন বৰুৱাৰ এই সাফল‍্যত ডিমৌৰ বিভিন্ন সংগঠন,অনুষ্ঠান- প্ৰতিষ্ঠান আদিয়ে ঘৰলৈ গৈ সম্বৰ্ধনা জ্ঞাপন কৰিছে। ডিমৌৰ বিশিষ্ট সমাজকৰ্মী মনোৰঞ্জন কোঁৱৰে গুঞ্জাননক শুভেচ্ছা দিয়াৰ লগতে নগদ পাঁচ হাজাৰ টকাৰ আৰ্থিক সাহায্য আগ বঢ়ায়‌।

গুঞ্জাননৰ এই সাফল‍্যত সমূহ ডিমৌবাসী আজি গৌৰাৱাম্বিত আৰু দোপনী হাইস্কুলৰ সমূহ শিক্ষা গুৰুসকললৈ শুভেচ্ছা জ্ঞাপন কৰে ৰাইজে।