NORTHEAST NOW (Assamese)
অসম

হাইস্কুল শিক্ষান্ত পৰীক্ষাত চতুৰ্থ স্থান নগাঁৱৰ ৰাজশ্ৰী নন্দিনী কাকতিৰ, দশম স্থানত নাইমা ফিৰদৌচ বৰভূঞা আৰু ভাৰ্গৱজ্যোতি দাসৰ

Posted by: মিন্টূ দাস May 25, 2018 1:57 pm
a3001015558481e2e3c55e35e8bfc965

এইবাৰৰ হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ ফলাফলত নগাঁও জিলাৰ তিনিগৰাকী পৰীক্ষাৰ্থীয়ে প্ৰথম দহটা স্থানৰ বিতৰত স্থান লাভ কৰিব জিলাকনলৈ গৌৰৱ কঢ়িয়াই আনিছে।

অসমৰ ভিতৰতে চতুৰ্থ স্থান লাভ কৰা নগাঁও খ্ৰীষ্টজ্যোতি স্কুলৰ ছাত্ৰী ৰাজশ্ৰী নন্দিনী কাকতিয়ে ৷ তেওঁ সৰ্বমুঠ ৫৯০ নম্বৰ লাভ কৰিছে ৷ নগাঁও পুলিচ ৰিজাৰ্ভৰ বাসিন্দা নাৰায়ণ কাকতি আৰু মঞ্জু শইকীয়াৰ জীয়ৰী ৰাজশ্ৰী ৷

হাইস্কুল শিক্ষান্ত পৰীক্ষাত অসমৰ ভিতৰতে দশম স্থান লাভ কৰিছে জিলাখনৰ নীলবাগান জাতীয় বিদ্যালয়ৰ ছাত্ৰী নাইমা ফিৰদৌচ বৰভূঞাই ৷ তেওঁ সৰ্বমুঠ ৫৮৪ নম্বৰ লাভ কৰিছে ৷ নাইমা নীলবাগানৰ এনামুদ্দিন বৰভূঞা আৰু হবিবা বেগমৰ জীয়ৰী। তেওঁৰ পিতৃ-মাতৃ দুয়ো এম ই স্কুলৰ শিক্ষক-শিক্ষয়িত্ৰী।

একেদৰে হাইস্কুল শিক্ষান্ত পৰীক্ষাত অসমৰ ভিতৰতে দশম স্থান লাভ কৰিছে জিলাখনৰে ৰহাৰ প্ৰাঞ্জল মেম’ৰিয়েল একাডেমীৰ ছাত্ৰ ভাৰ্গৱজ্যোতি দাসে। তেওঁ সৰ্বমুঠ ৫৮৪ নম্বৰ লাভ কৰিছে ৷ ভাৰ্গৱ ৰহাৰ পুলিন দাস আৰু ৰেখামণি দাসৰ পুত্ৰ। পিতৃ পুলিন দাস ৰহা মহকুমা কৃষি বিষয়া কাৰ্যালয়ৰ কৃষি সম্প্ৰসাৰণ সহায়ক হিচাপে কৰ্মৰত।