NORTHEAST NOW (Assamese)

মেট্ৰিকৰ ফলাফলত ছাত্ৰীক চেৰ পেলাই ছাত্ৰৰ আধিপত্যঃ উত্তীৰ্ণৰ হাৰ ৮.১ শতাংশ বৃদ্ধি

May 25, 2018 1:27 pm · এন ই নাও নিউজ

আজি ঘোষিত হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ ফলাফল অনুযায়ী ছাত্ৰীক চেৰ পেলাই আধিপত্য বিস্তাৰ কৰিবলৈ সক্ষম হ’ল ছাত্ৰই।

উল্লেখযোগ্য যে চলিত বৰ্ষত পৰীক্ষাত ১,৬৪,৪৯২ গৰাকী অৱতীৰ্ণ ছাত্ৰৰ ভিতৰত ৯৭,০৫৬ গৰাকী ছাত্ৰ উত্তীৰ্ণ হয়। অৰ্থাৎ ছাত্ৰৰ উত্তীৰ্ণৰ হাৰ হৈছে ৫৯ শতাংশ। ইয়াৰ বিপৰীতে ১,৭৩,০৭৮ গৰাকী অৱতীৰ্ণ ছাত্ৰীৰ ভিতৰত উত্তীৰ্ণ হয় ৯২,১৩৫গৰাকী।অৰ্থাৎ উত্তীৰ্ণৰ হাৰ হৈছে ৫৩.২৩ শতাংশ। সেই পৰিসংখ্যা অনুসৰি ফলাফলৰ ক্ষেত্ৰত ছাত্ৰীক চেৰ পেলাবলৈ সক্ষম হৈছে ছাত্ৰই।

আনহাতে হাইস্কুল শিক্ষান্ত পৰীক্ষাত এইবাৰ পূৰ্বতকৈ উত্তীৰ্ণৰ হাৰ বৃদ্ধি পোৱা পৰিলক্ষিত হৈছে। ২০১৭ বৰ্ষত ৩,৭২,৬৪০জন ছাত্ৰ-ছাত্ৰীয়ে মেট্ৰিক পৰীক্ষাত অৱতীৰ্ণ হৈছিল আৰু মুঠ ১,৭৮,৬৫৬জন ছাত্ৰ-ছাত্ৰী উত্তীৰ্ণ হৈছিল। তাৰ বিপৰীতে চলিত বৰ্ষত সৰ্বমুঠ ৩,৩৭,৫৭০ জন অৱতীৰ্ণ ছাত্ৰ-ছাত্ৰীৰ ভিতৰত ১,৮৯,১৯১জন ছাত্ৰ-ছাত্ৰীয়েই উত্তীৰ্ণ হয়। ২০১৭ বৰ্ষৰ উত্তীৰ্ণৰ হাৰ ৪৭.৯৪ শতাংশ হোৱাৰ বিপৰীতে এইবাৰ ৫৬.০৪ শতাংশলৈ  বৃদ্ধি পাইছে এই হাৰ।অৰ্থাৎ হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ ফলাফল অনুযায়ী  সামগ্ৰিকভাৱে ৮.১ শতাংশ উত্তীৰ্ণ হাৰ বৃদ্ধি পোৱা পৰিলক্ষিত হৈছে।

উল্লেখযোগ্য যে আজি ঘোষিত হাইস্কুল- হাইমাদ্ৰাছা পৰীক্ষাৰ ফলাফল অনুসৰি এইবাৰ হাইস্কুল শিক্ষান্ত পৰীক্ষাত মুঠতে ৩৩৭৫৭০ গৰাকী ছাত্ৰ-ছাত্ৰীয়ে অৱতীৰ্ণ হৈছিল। ইয়াৰ  ১৬৪৪৯২ গৰাকী ছাত্ৰ আৰু ১৭৩০৭৮ গৰাকী ছাত্ৰী। মুঠ পৰীক্ষাৰ্থীৰ ভিতৰত ৬০৯৮৭ গৰাকীয়ে প্ৰথম বিভাগত, ৮১৮৫৩ গৰাকীয়ে দ্বিতীয় বিভাগত আৰু বাকী ৪৬৩৫১ গৰাকীয়ে তৃতীয় বিভাগত উত্তীৰ্ণ হৈছে।

 

Related News