NORTHEAST NOW (Assamese)

মেট্ৰিক পৰীক্ষাত বিসংগতি : ‘দক্ষিণ শালমাৰা-কাছাৰত ৱাটচ এপ গ্ৰুপত উত্তৰসহ প্ৰশ্নকাকত প্ৰকাশ’

February 16, 2018 8:11 pm · এন ই নাও নিউজ
হাইস্কুল শিক্ষান্ত পৰীক্ষা

দক্ষিণ শালমাৰা আৰু কাছাৰ জিলাৰ একোটাকৈ পৰীক্ষা কেন্দ্ৰত আজি হাইস্কুল শিক্ষান্ত আৰু হাই মাদ্ৰাছা পৰীক্ষাৰ প্ৰথম দিনা পৰীক্ষা আৰম্ভ হোৱাৰ এঘণ্টাৰ ভিতৰতে ৱাটচ এপত প্ৰশ্নকাকত আৰু উত্তৰসমূহ প্ৰকাশ পোৱা বুলি গুৰুতৰ অভিযোগ উঠিছে।

সদৌ অসম ছাত্ৰ সন্থাই এই ঘটনাত গভীৰ উদ্বেগ প্ৰকাশ কৰিছে আৰু ঘটনাটোৰ এক উচ্চ পৰ্য্যায়ৰ তদন্ত দাবী কৰিছে।

এন ই নাওলৈ প্ৰেৰণ কৰা এক বিবৃতিত আছুৰ সভাপতি দীপাংক নাথ আৰু সম্পাদক লুৰীনজ্যোতি গগৈয়ে কয়, ‘ছেবাই বিষয়টোৰ লগত জড়িত ব্যক্তিসকলক সোনকালে চিনাক্ত কৰি জনসাধাৰণক স্বচ্ছভাৱে জনাওক।’

‘এনে কৰিলেহে ৰাইজ আৰু ছাত্ৰ-ছাত্ৰীৰ মনৰ শংকা দূৰ হ’ব’ বুলি উল্লেখ কৰি বিবৃতিটোত কোৱা হৈছে যে ‘দোষীয়ে শাস্তি পাব লাগিব’।

উল্লেখযোগ্য যে এই বৃ্হৎ পৰীক্ষাটোৰ পৰিচালনাত দীৰ্ঘ দিন ধৰি প্ৰতিবছৰে বিভিন্ন বেমেজালি হৈ আহিছে।

Related News