NORTHEAST NOW (Assamese)
অসম

মোৰাঝাৰৰ দুই মেধাৱী ছাত্ৰীৰ কাষত ৰাজেন গোহাঁই আৰু শিলাদিত্য দেব; ১০,০০০ টকাৰ আৰ্থিক সাহায্য

Posted by: মিন্টূ দাস June 1, 2018 10:27 pm
Rajen Gohain and Shiladitya Deb

হাইস্কুল শিক্ষান্ত পৰীক্ষাত সুখ্যাতিৰে উত্তীৰ্ণ হোজাইৰ মোৰাঝাৰৰ দুই মেধাৱী ছাত্ৰী শ্বাহনাজ চুলতানা আৰু জেবিন কৌছাৰক কেন্দ্ৰীয় ৰেল ৰাজ্যিক মন্ত্ৰী ৰাজেন গোহাঁই আৰু হোজাইৰ বিধায়ক শিলাদিত্য দেবে আজি মোৰাঝাৰত উপস্থিত হৈ ১০,০০০ টকাৰ আৰ্থিক সাহায্য আগবঢ়ায়।

মন্ত্ৰী দুজনে ছাত্ৰী দুগৰাকীয়ে অধ্যয়ন কৰা জ্ঞানজ্যোতি একডেমীৰ চাৰি সীমাৰ দেৱাল নিৰ্মাণৰ বাবে তিনি লাখ টকাৰ আৰ্থিক সাহায্য দিয়াৰ আশ্বাস দিয়াৰ লগতে তেওঁলোকৰ উচ্চ শিক্ষাৰ বাবে প্ৰয়োজনীয় খৰচ দিয়াৰ কথা ঘোষণা কৰে।

উল্লেখযোগ্য যে  ২০১৬ চনৰ ১৩ মাৰ্চত শ্বাহনাজৰ পিতৃক দুষ্কৃতিকাৰীয়ে অতি নৃশংসতাৰে হত্যা কৰিছিল। কিন্তু মানসিক ভাৱে ভাগি নপৰা শ্বাহনাজ মেট্ৰিকত টিউচন শিক্ষকৰ সহায় নোলোৱাকৈ পাঁ‌চটা বিষয়ত লেটাৰ নম্বৰ সহ উত্তীৰ্ণ হৈছিল।

আনহাতে একেখন বিদ্যালয়ৰে দিব্যাংগ ছাত্ৰী জেবিন কৌছাৰে ভৰিৰে লিখি মেট্ৰিক পৰীক্ষাত প্ৰথম বিভাগত উত্তীৰ্ণ হৈছিল। কৃতী ছাত্ৰীগৰাকীৰ এক বিশেষ ৰোগত আক্ৰান্ত হৈ হাত দুখন অকামিলা হৈ পৰিছিল। আৰু তেতিয়াৰ পৰাই তেওঁ হাতৰ সলনি ভৰিৰে হাতৰ কাম কৰিবলৈ লয়।

আজি এই কাৰ্যসূচীত কেন্দ্ৰীয় মন্ত্ৰী ৰাজেন গোহাঁই আৰু বিধায়ক শিলাদিত্য দেৱক যমুনামুখ সমষ্টিৰ বিজেপি নেতা বিলাল উদ্দিনে সংগ দিয়ে।