NORTHEAST NOW (Assamese)

মৰিগাওঁ জিলাৰ মৈৰাবাৰীত নৃশংস হত্যাকাণ্ডত এজন ব্যৱসায়ী নিহত

February 19, 2018 11:24 pm · এন ই নাও নিউজ
প্ৰতিনিধিত্বমূলক ছবি

মৰিগাওঁ জিলাৰ মৈৰাবাৰী থানাৰ অন্তৰ্গত বৰথল দলৈগাঁৱত আজি সন্ধিয়া প্ৰায় ৮ বজাত এগৰাকী যুৱ ব্যৱসায়ীক ডিঙি কাটি হত্যা কৰাৰ ঘটনাই অঞ্চলটোত তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে।

নিহত লোকজনক মেহদি আলম ওৰফে আৰজো(৩৭) বুলি চিনাক্ত কৰা হৈছে।

প্ৰাপ্ত তথ্য মতে বৰথল দলৈগাঁও উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ ওচৰত ফাৰ্মাচী চলাই জীৱিকা নিৰ্বাহ কৰা মেহদি আলমক দোকান বন্ধ কৰি ঘৰলৈ আহি থকা অৱস্থাত কোনো অচিনাকী দূৰ্বৃত্তই চোকা অস্ত্ৰৰে ডিঙি কাটি পেলাই থৈ যায়।

দূৰ্বৃত্তৰ আক্ৰমণৰ ফলত আলমৰ থিতাতে মৃত্যু হয়।

বাতৰি লিখা পৰলৈকে যুৱকজনৰ হত্যাকাণ্ডৰ প্ৰকৃত কাৰণ জানিব পৰা হোৱা নাই।

খবৰ অনুসৰি মৈৰাবাৰী আৰক্ষী ঘটনাস্থলীত উপস্থিত হৈ মৃতদেহটোক মৰনোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰাৰ লগতে এক গোচৰ ৰুজু কৰি অপৰাধীক কৰায়ত্ত কৰাৰ বাবে অভিযান আৰম্ভ কৰিছে।

Related News