NORTHEAST NOW (Assamese)

মৰিগাঁৱত হাস্পাতলৰ প্রসূতি কক্ষৰ পৰাই আঢ়ৈ বছৰীয়া শিশুক অপহৰণ

May 19, 2018 12:04 pm · এন ই নাও নিউজ
প্ৰতিনিধিত্বমূলক ফটো

মৰিগাঁও অসামৰিক চিকিৎসালয়ৰ পৰা এটি শিশু অপহৰণ হোৱা ঘটনাক কেন্দ্র কৰি শুকুৰবাৰে চিকিৎসালয়খনত চাঞ্চল্যৰ সৃষ্টি হয়। চৰকাৰী হাস্পাতলৰ পৰা এনেদৰে শিশু অপহৰণৰ ঘটনাই তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে।

জানিব পৰা মতে অপহৰণ হোৱা শিশুটি হৈছে গড়মাৰী ভুলুকাগুৰি গাঁৱৰ বিজয় পাতৰ আৰু তৰালী বৰদলৈৰ আঢ়ৈ বছৰীয়া কন্যা চুইটি পাতৰ ৷ ঘটনাৰ বিৱৰণী অনুসৰি ভুলুকাগুৰি গাঁৱৰ তৰালী বৰদলৈ নামৰ মহিলাগৰাকী প্রসূতিজনিত চিকিৎসাৰ বাবে ১৭ মে’ত মৰিগাঁও অসামৰিক চিকিৎসালয়ত ভর্তি হৈছিল।

প্রসূতিগৰাকীৰ লগত স্বামী বিজয় পাতৰ আৰু আঢ়ৈ বছৰীয়া কন্যা চুইটি পাতৰো আছিল ৷ চিকিৎসালয়খনত থকা অৱস্থাত ওচৰৰ কোঠাত থকা এগৰাকী মহিলাই শুকুৰবাৰে দিনৰ প্রায় ১১ বজাত তৰালী বৰদলৈৰ প্রসৱৰ সময়ত স্বামী বিজয় পাতৰ ব্যস্ত থকাৰ সুযোগ লৈ কন্যা শিশু চুইটি পাতৰক লৈ উধাও হয় ৷

জানিব পৰা মতে, চিকিৎসালয়ৰ চি চি কেমেৰাত মহিলাগৰাকীয়ে শিশুটিক লৈ যোৱা দৃশ্যাংশ বন্দী হৈ আছে যদিও বর্তমানলৈকে অপহৰণকাৰীৰ কোনো সন্ধান উলিয়াব পৰা নাই চিকিৎসালয় কর্তৃপক্ষই। ঘটনা সন্দর্ভত আৰক্ষীয়ে এটা গোচৰ ৰুজু কৰি তদন্ত অব্যাহত ৰাখিছে।

এখন চৰকাৰী হাস্পাতলৰ পৰা এনেদৰে শিশু অপহৰণৰ ঘটনাই সকলোকে স্তম্ভিত কৰি তুলিছে। এইক্ষেত্ৰত আৰক্ষীক শীঘ্ৰেই দোষীক বিচাৰি গ্ৰেপ্তাৰ কৰাৰ লগতে কঠোৰ শাস্তিৰ দাবী কৰিছে সচেতন মহলে।

Related News