NORTHEAST NOW (Assamese)

যোৱা ৮০০-৯০০ বছৰত ভয়ংকৰ গতিত হ্ৰাস পাইছে হিন্দু জনসংখ্যা : কাৰণ ব্যাখ্যা কৰিলে যোগী আদিত্যনাথে

September 24, 2025 2:03 pm · এন ই নাও নিউজ, গুৱাহাটী

বিদেশী আগ্ৰাসন আৰু ঔপনিৱেশিক শাসনৰ বাবে যেনেকৈ ভাৰতৰ সম্পদ লুন্ঠন হৈছিল, তেনেকৈ হিন্দুৰ জনসংখ্যাও শোষণ হৈছিল। এই দাবী উত্তৰ প্ৰদেশৰ মুখ্যমন্ত্ৰী যোগী আদিত্য নাথৰ।

মঙলবাৰে লক্ষ্ণৌত ‘আত্মনিৰ্ভৰশীল ভাৰত-স্বাধীন সংকল্প’ শীৰ্ষক ৰাজ্যিক পৰ্যায়ৰ কৰ্মশালাত ভাষণ দি মুখ্যমন্ত্ৰীগৰাকীয়ে কয়, “১১০০ চনত ভাৰতত হিন্দু জনসংখ্যা প্ৰায় ৬০ কোটি আছিল। অৱশ্যে ১৯৪৭ চনত স্বাধীনতাৰ সময়ত ই ৩০ কোটিলৈ হ্ৰাস পাইছিল।”

যোগীয়ে লগতে অভিযোগ কৰে যে বিদেশী শাসকে কেৱল সম্পদ লুট কৰাই নহয়, সমাজখনক বিভিন্ন বিভাজনৰ মাজলৈ ঠেলি দিছিল। ভাৰতত কি নাছিল? ইয়াত সকলো আছিল। তথাপিও কোনোবাই জাতি, ভাষা, অঞ্চল, ধৰ্মৰ ভিত্তিত সমাজখনক বিভাজিত কৰিছিল। আজিও সেই বিদেশী মানসিকতাই কাম কৰি আছে। সমাজক বিভক্ত কৰা হৈছে।

Related News