NORTHEAST NOW (Assamese)
অসম

লিডুত দুজন নগা উগ্ৰপন্থীক আটক

Posted by: এন ই নাও নিউজ ব্যুৰো, মাৰ্ঘেৰিটা: December 2, 2017 11:43 am

যোৱা নিশা তিনিচুকীয়া জিলাৰ মাৰ্ঘেৰিটাৰ লিডু মালো পাহাৰৰ পৰা ১৪ নং অসম ৰাইফলছে দুজন সন্দেহযুক্ত নগা উগ্ৰপন্থীক গ্ৰেপ্তাৰ কৰে। উগ্ৰপন্থী দুজনক মহনং টিকাক আৰু ৰঙলং টিকাক বুলি চিনাক্ত কৰা হৈছে। তেওঁলোকৰ পৰা পিষ্টলসহ মোবাইল, নগদ ধন আৰু বহু আপত্তিজনক নথিপত্ৰ উদ্ধাৰ কৰা বুলি আৰক্ষীৰ সূত্ৰই জানিবলৈ দিয়ে।

লিডুৰ টিকক পাহাৰৰ মাইনিং কোম্পানীৰ ৫ খনকৈ গাড়ী  এন এছ চি এন উগ্ৰপন্থীয়ে জ্বলাই দিয়াৰ পিছত দুজনকৈ নগা উগ্ৰপন্থী গ্ৰেপ্তাৰ হোৱাৰ ঘটনাই  বিশেষ সাফল্যৰ কথাকে প্ৰমাণ কৰিছে। উল্লেখযোগ্য যে মাৰ্ঘেৰিটাত কোইবাটাও সেনাৰ চাউনি থকা থকাৰ পিছতো বাৰে বাৰে উগ্ৰপন্থীয়ে কূটাঘাত সংঘটিত কৰা ঘটনাই সকলোকে চিন্তিত কৰি ৰাখিছে। সীমান্ত অঞ্চলত অসমৰ জনসাধাৰণক নিৰাপত্তা দিয়াত আৰক্ষী তথা সামৰিক বাহিনী ব্যৰ্থ হৈ অহাৰ অভিযোগ উত্থাপিত হৈ আহিছে।